বছৰটোৰ অন্তিম ক্ষণত পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা । কাজখাস্তানৰ বিমান দুৰ্ঘটনাৰ উত্তেজনা মাৰ নৌযাঁওতেই দেওবাৰে পুৱাই দক্ষিণ কোৰিয়াত পুনৰ এক ভয়ংকৰ বিমান দুৰ্ঘটনাৰ খবৰ পোহৰলৈ আহিছে । দেশখনৰ দক্ষিণ-পশ্চিম অঞ্চলৰ এটা বিমানবন্দৰত বেংককৰ পৰা মুয়ানলৈ যোৱা জেজু এয়াৰ নামৰ বিমানখনৰ অৱতৰণৰ সময়তেই দুৰ্ঘটনাগ্ৰস্ত হয় ৷
কাৰিকৰীক বিজুটিৰ ফলত স্থানীয় সময় অনুসৰি পুৱা ৯:০৩ বজাত জেজু এয়াৰৰ এখন বিমান অৱতৰণৰ সময়তে ৰাণৱেৰ পৰা আঁতৰি ছিউলৰ পৰা প্ৰায় ২৮৮ কিলোমিটাৰ দক্ষিণ-পশ্চিমে অৱস্থিত মুয়ান কাউন্টিৰ মুছান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ গাৰ্ডৱালত খুন্দা মাৰে । ফলত চকুৰ পচাৰতে দপ দপকৈ জ্বলি উঠে বিমানখন ।
অগ্নি নিৰ্বাপক বাহিনীয়ে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি স্থানীয় অগ্নি নিৰ্বাপক বিষয়াই এক ব্ৰিফিঙত যাত্ৰীসকলৰ পৰিয়ালক কয় যে, “বিমানখনৰ দেৱালৰ সৈতে সংঘৰ্ষ হোৱাৰ পিছতেই যাত্ৰীসকলক উলিয়াই আনিবলৈ চেষ্টা কৰা হৈছিল যদিও কোনো লোক জীয়াই থকাৰ সম্ভাৱনা অতিকৈ ক্ষীণ ।”
জানিব পৰামতে, যাত্ৰীবাহী বিমানখনত ১৮১ গৰাকী যাত্ৰী আছিল । প্ৰথম অৱস্থাত ২৮ জন লোকৰ মৃত্যু বুলি নিশ্চিত কৰা হৈছিল যদিও মৃতৰ সংখ্যা বৃদ্ধি হৈ ১৮১ গৰাকীৰে মৃত্যু হৈছে বুলি পোহৰলৈ আহিছে । সংবাদমাধ্যমৰ বাতৰি অনুসৰি, বেংককৰ পৰা আহি থকা বিমানখনত থকা ১৭৫ জন যাত্ৰী আৰু ৬ জন ক্ৰু মেম্বাৰ আছিল । যাত্ৰীসকলৰ অধিকাংশই আছিল দক্ষিণ কোৰিয়াৰ নাগৰিক ৷ লগতে বিমানখনত দুজন থাই নাগৰিকো আছিল বুলি জানিব পৰা গৈছে ।