নলবাৰীত তিনিদিনীয়াকৈ দিবা-নৈশ টেনিছ বল, ক্ৰিকেট প্ৰতিযোগিতা

নলবাৰীত তিনিদিনীয়াকৈ দিবা-নৈশ টেনিছ বল, ক্ৰিকেট প্ৰতিযোগিতা

Capture 19

নলবাৰী জিলাৰ বৰভাগৰ দোকোহাত শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ দোকোহা ডাইনামিক যুৱ সংঘৰ সৌজন্যত দিবা-নৈশ টেনিছ বল, ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। প্ৰতিযোগিতাখনৰ দ্বিতীয় দিনাৰ ক্ৰিকেট খেল উদ্বোধন কৰে জ্যেষ্ঠ সাংবাদিক শান্তনু মহন্তই। উল্লেখ্য যে, দেওবাৰে ডাইনামিক যুৱ সংঘৰ সৌজন্যত অনুষ্ঠিত হোৱা দ্বিতীয় বাৰ্ষিক ক্ৰিকেট প্ৰতিযোগিতাৰ চূড়ান্ত খেল অনুষ্ঠিত হব।

ADVERTISEMENT

এই চূড়ান্ত খেলখনত বিজয়ী হোৱা প্ৰথমটো দলে লাভ কৰিব নগদ ১ লাখ নগদ ধনৰ প্ৰাইজমানী। আজি অনুষ্ঠিত হ’বলগীয়া ফাইনেল খেলখনৰ অন্তত সাংস্কৃতিক সন্ধিয়াত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু শৰ্মাই সংগীতানুষ্ঠান পৰিৱেশন কৰিব বুলি উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়ে।

Exit mobile version