বলীউড থীমযুক্ত পথ সুৰক্ষা নিৰ্দেশনা জাৰি অসম আৰক্ষীৰ

বলীউড থীমযুক্ত পথ সুৰক্ষা নিৰ্দেশনা জাৰি অসম আৰক্ষীৰ

471768298 981567897330446 1284133859941377545 n

নতুন বছৰটোলৈ মাজত মাত্ৰ কেইটামান ক্ষণ । এইবাৰ বলীউডৰ কায়দাৰে পথ সুৰক্ষা নিৰ্দেশনা জাৰি কৰিলে অসম আৰক্ষীয়ে । শেহতীয়াকৈ ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি হোৱা পথ দুৰ্ঘটনা ৰোধিবলৈ অসম আৰক্ষী তৎপৰ হৈ উঠিছে । সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চা লাভ কৰিছে অসম আৰক্ষীৰ বলীউড-থীমযুক্ত পথ সুৰক্ষা নিৰ্দেশনাই । ইতিমধ্যে এই পোষ্টাৰসমূহে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । এই হাস্যৰসাত্মক আৰু সৃজনশীল মীমসমূহে সকলোকে হাঁহিৰ খোৰাক যোগোৱাৰ লগতে সকলোৰে সামাজিক মাধ্যমৰ একাউণ্টতটো স্থান দখল কৰিছে ।

নৱবৰ্ষ আৰু বনভোজৰ বতৰত দুৰ্ঘটনা প্ৰতিৰোধৰ প্ৰচেষ্টাৰ অংশ হিচাপে অসম আৰক্ষীয়ে কেইবাখনো বলীউডৰ জনপ্ৰিয় চলচ্চিত্ৰৰ শিৰোনামৰ ব্যৱহাৰ কৰি আকৰ্ষণীয় টেগলাইন প্ৰস্তুত কৰিছে । যেনে- ১)দিলৱালে দুলহনিয়া লে জায়েংগে, পৰ ড্ৰাংক ড্ৰাইভাৰ নেহী ২) দিল চাহতা হ্যেয়, বাট ল’ ডাজন’ট, ড্ৰাইভ ছবাৰ ৩) জিন্দিগী মিলেগী না দুবাৰা, ছীটবেল্ট লগাও ।
যোৱা দেওবাৰে, অসম আৰক্ষীয়ে সামাজিক মাধ্যমত ৩১ ডিচেম্বৰৰ নিশাৰ বাবে এখন পোষ্টাৰ শ্বেয়াৰ কৰে যে, অসম আৰক্ষীয়ে আপোনাকোলকৈ লৈ আহি ডিজে লকআপ নাইট –য’ত বীটহে গৰম হয়, কিন্তু কাৰাগাৰৰ বাৰ ঠাণ্ডা ।”

নৱবৰ্ষৰ নিশা পোষ্টাৰত উল্লেখ কৰা অনুসৰি লাইন-আপত অন্তৰ্ভুক্ত আছে ‘ডিজে লককাপ’, ‘ডিজে ব্ৰেথালাইজাৰ’, ‘এমচি চিটবেল্ট আৰু ডিজে ন’-ড্ৰাংকড্ৰাইভিং’, আৰু ‘ডিজে চ’ব ৰাইডাৰ’। হেলমেট, চিট বেল্ট আৰু ভাল সিদ্ধান্তসমূহ ড্ৰেছ ক’ড হিচাপে চিহ্নিত কৰা হৈছে । ইয়াৰ উপৰিও, অসম আৰক্ষীয়ে কেইটামান হাস্যৰসাত্মক মিম শ্বেয়াৰ কৰি শিৰোনাম দিছিল – “চিগমা হো য়া পুকি, সুৰক্ষা হ্যেয় জৰুৰী”।

Exit mobile version