Nayanmani Saikia wins gold medal in 9th National Lawn Ball Championship:
নতুন দিল্লীত বৃহস্পতিবাৰে সমাপ্ত হোৱা নৱম ৰাষ্ট্ৰীয় লন বল চেম্পিয়নশ্বিপ আৰু পঞ্চম ২৫ বছৰ অনুৰ্ধ লন বল চেম্পিয়নশ্বিপত পুনৰ উজ্বলি উঠিল অৰ্জুন বঁটা প্ৰাপক নয়নমনি শইকীয়া ৷ অসম দলৰ হৈ মহিলাৰ একক শাখাত নয়নমনি শইকীয়াই সোণৰ, পুৰুষৰ একক শাখা আৰু ত্ৰিপল শাখাত পুতুল সোনোৱালে সোণ অৰ্জন কৰাৰ উপৰিও দলীয় ত্ৰিপল শাখাত জয়ন্ত শৰ্মা, বিতোপন ৰাভা, পুতুল সোনোৱালে সোণৰ পদক লাভ কৰে।
ইয়াৰোপৰি মহিলাৰ দলীয় শাখাত পম্পী বৰুৱা, জীনা বৰুৱাৰ দলে ৰূপৰ, পুৰুষৰ দলীয় শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে। আনহাতে ল’ৰাৰ ২৫ বছৰ অনুৰ্ধ একক শাখাত বিতু দাসে সোন আৰু ছোৱালীক একক শাখাত সুৰঞ্জনা বৰুৱাই ব্ৰঞ্জৰ পদক দখল কৰে। অসমে মুঠ চাৰিটা সোনৰ পদক লৈ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দল ৰূপে অভিহিত হয়। অসমৰ দলটোৰ মেনেজাৰ হিচাপে আছিল মৃদুল বৰা, প্ৰশিক্ষকদ্ৱয় আছিল ৰূপটি গগৈ আৰু অনুপ চৌধুৰী।
প্ৰতিযোগিতা খনত খেল পৰিচালনা কৰাৰ বাবে অসমৰ পৰা ৰাষ্ট্ৰীয় ৰেফাৰী হিচাপে আছিল নিপুল ডেকা আৰু অংশুমান দত্ত।