Air India Flight Booking Offers:
নতুন বছৰত এয়াৰ ইণ্ডিয়া বিমানেৰে ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিছে নেকি ! তেন্তে আপোনাৰ বাবে সুখবৰ । গ্ৰাহকৰ বাবে বিশেষ ঘোষণা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ । প্ৰতিষ্ঠানটোৱে আৰম্ভ কৰিছে ‘New Year Sale’ । এতিয়া এই বিমানযোগে ঘৰুৱা যাত্ৰীৰ ভাড়া ১,৫৯৯ টকাৰ পৰা আৰম্ভ হ’ব । ৫ জানুৱাৰীলৈকে টিকট বুকিং কৰিলে গ্ৰাহকে এই সুবিধা লাভ কৰিব । লগতে ৮ জানুৱাৰীৰ পৰা ২০ ছেপ্টেম্বৰৰ ভিতৰত ভ্ৰমণৰ তাৰিখ হ’ব লাগিব গ্ৰাহকৰ ।
আনহাতে এয়াৰলাইনৰ ৱেবছাইট বা ম’বাইল এপৰ জৰিয়তে বুকিং কৰা যাত্ৰীসকলে অতিৰিক্ত ৰেহাই পাব । তাৰ ভিতৰত আছে ১,৪৪৮ টকাৰ পৰা এক্সপ্ৰেছ লাইট ভাড়া । এই ভাড়া ‘zero convenience fees’ৰ সৈতে আহে আৰু ইয়াত কোনো অতিৰিক্ত ব্যয় নকৰাকৈ ৩ কিলোগ্ৰাম কেবিন বেগ প্ৰি-বুক কৰাৰ বিকল্প অন্তৰ্ভুক্ত থাকে । চেক-ইন বেগৰ হাৰো হ্ৰাস কৰা হৈছে, ঘৰুৱা ভ্ৰমণৰ বাবে ১৫ কিলোগ্ৰামৰ বেগৰ বাবে ১,০০০ টকা আৰু আন্তৰ্জাতিক ভ্ৰমণৰ বাবে ১০ কিলোগ্ৰামৰ বেগত ১,৩০০ টকা ।
লয়েলটি প্ৰ’গ্ৰামৰ মেম্বাৰসকলে বিজিনেছ-শ্ৰেণীৰ সমতুল্য এক্সপ্ৰেছ বিজ ভাড়া, বৰ্ডিঙত প্ৰাথমিকতা, আসন বাছনি আৰু প্ৰি-অৰ্ডাৰ আহাৰৰ ওপৰত ২৫ শতাংশ ৰেহাই লাভ কৰিব পাৰে । এয়াৰলাইনটোৱে বিজ চিট আপগ্ৰেডৰ ওপৰত ৫০ শতাংশ ৰেহাই ঘোষণা কৰিছে ।
যিটো ইয়াৰ নতুনকৈ অন্তৰ্ভুক্ত হোৱা বোয়িং ৭৩৭-৮ বিমানত উপলব্ধ । এই অফাৰসমূহৰ উপৰিও এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে শিক্ষাৰ্থী, জ্যেষ্ঠ নাগৰিক, স্বাস্থ্যসেৱা পেছাদাৰী, সশস্ত্ৰ বাহিনীৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে ভাড়াত ৰেহাই প্ৰদান কৰি আহিছে ।