Leopard was tranquilised after causing terror in Nagaon: নগাঁও চহৰত সন্ত্ৰাস চলোৱা নাহৰফুটুকীক অৱশেষত কৰা হ’ল ট্ৰেংকুলাইজড

LEOPAID %40AMULAPATTY

Leopard was tranquilised after causing terror in Nagaon:

➡️ নগাঁও চহৰত সন্ত্ৰাস চলোৱা নাহৰফুটুকীক অৱশেষত কৰা হ’ল ট্ৰেংকুলাইজড ৷

➡️ সদাব্যস্ত বৰবজাৰৰ এটা বাসগৃহৰ পিছফালে অৱস্থান কৰি থকা সময়ত কৰা হয় ট্ৰেংকুলাইজড ৷

➡️ ট্ৰেংকুলাইজড কৰে গুৱাহাটী অসম ৰাজ্যিক চিৰিয়াখানাৰ এটা বিশেষ দলে ৷

➡️ কাহিলীপুৱাতে বাঘটোৱে বৰবজাৰৰ ৰাজপথত পাইচাৰী কৰি থকা দৃশ্য বন্দী হৈছিল চিচিটিভিত ৷

➡️ তিনিদিন পূৰ্বে আমোলাপট্টি কেএনবি ৰোডৰ এঘৰ লোকৰ অট্টালিকাৰ দ্বিতীয় মহলাৰ এটা অৰ্ধনিৰ্মিত স্নানাগাৰত অৱস্থান কৰিছিল নাহৰফুটুকীটোৱে ৷

➡️ পিছত ৰাইজৰ হুলস্থূলত পলায়ন কৰে নাহৰফুটুকীটো ৷

➡️ যাৰবাবে এক জানুৱাৰীত আমোলাপট্টিৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰে প্ৰশাসনে ৷

➡️ লকডাউন সদৃশ পৰিবেশ সৃষ্টি হয় সমগ্ৰ আমোলাপট্টি অঞ্চলত ৷

Exit mobile version