Road Construction By a Social Worker:
বিটিছিৰ ৭ নং ফকিৰাগ্ৰাম অজনজাতি সমষ্টিৰ পশ্চিম চিথিলাৰ ঘোপ গাঁৱৰ এটা ৰাষ্টা জৰাজীৰ্ণ হৈ থকাৰ বাবে স্থানীয় ৰাইজে নৰক যাতনা ভূগীবলগীয়া হৈছে । এই ৰাস্তাটো ভাঙি চিঙি যোৱাৰ পিছত কোনো জন প্ৰতিনিধিয়ে গুৰুত্ব প্ৰদান কৰা নাছিল ।
যাৰবাবে স্থানীয় ৰাইজে চিথিলাৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা সমাজসেৱক সুকুমাৰ দেৱনাথক অৱগত কৰে । প্ৰতিষ্ঠিত ব্যৱসায়ী সুকুমাৰ দেৱনাথে ট্ৰেক্টৰ লগাই গাঠিৰ ধনেৰে নিৰ্মান কৰি দিয়ে ৰাস্তাটো । ৰাস্তাটো নিৰ্মান কৰি দিয়াত গাঁওবাসীয়ে সুকুমাৰ দেৱনাথক ধন্যবাদ জনায় ।