Majuli :মাজুলীত প্ৰচণ্ড শিলা বৃষ্টি

বিস্তৰ ক্ষতি:বিদ্যুৎ সেৱা ব্যাহত:কৃষকে হাত দিছে মূৰে কপালে

23

Majuli :আজি সন্ধ্যা ৭ বজাৰ পৰা মাজুলীত হোৱা প্ৰচণ্ড শিলা বৃষ্টিত মাজুলীৰ বিভিন্ন স্থানত বিস্তৰ ক্ষতি হয়।শিলাবৃষ্টিৰ লগতে অহা বতাহৰ ফলত বহু ঠাইত গছ ভাঙি পৰাত বিদ্যুৎ সেৱা ব্যাহত হৈ আছে মাজুলীত।শিলাবৃষ্টিৰ ফলত মাজুলীত বহু পৰিয়ালৰ টিনপাত ফুটি ঘৰৰ ভিতৰত শিলাময় হৈ পৰাৰ লগতে পৰিয়াল সমূহৰ ভিতৰৰ সামগ্ৰী বহু অনিষ্ট হোৱাৰ খৱৰ পোৱা গৈছে।

ADVERTISEMENT

বহু পৰিয়ালৰ এতিয়া ঘৰৰ ভিতৰ বাহিৰ শোৱনি কোঠা সকলোতে কেৱল শিল৷শিলাবৃষ্টিৰে অনিষ্ট কৰিছে কৃষিজিবি বহু পৰিয়ালৰ কৃষি ফাৰ্ম সমূহ।ছিঙি পেলাইছে জাতিলাও, ৰঙলাও,তিয়াহৰ কৃষি সমূহ। শিলাবৃষ্টিৰে পুতি পেলাইছে কবি আলু, মূলা, ধনীয়া, পালেংকে আদি কৰি শস্যৰ পথাৰ সমূহ।মাজুলীত এতিয়া মাটিমাহ তোলাৰ সময়।বহু কৃষকে মাটিমাহ তুলি মাৰিবৰ বাবে ব্যৱস্থা কৰিছিলহে মাথোঁ।হঠাৎ অহা এই শিলাবৃষ্টি আৰু বতাহে এই তোলা মাটিমাহ সমূহ শিলেৰে পুতি পেলোৱাৰ লগতে যি সমূহ তুলিবলৈ আছিল সেই সমূহো অনিষ্ট কৰিছে।

মাজুলীৰ বিঘাই বিঘাই সৰিয়হৰ কৃষি সমূহ অনিষ্ট কৰিছে শিলাবৃষ্টিয়ে।সৰিয়হ কৃষিৰে স্বাৱলম্বী হোৱা সপোন দেখা মাজুলীৰ কৃষক সকললৈ নামি আহিল অমানিশা।বতাহ আৰু শিলাবৃষ্টিৰে সৰিয়হ সমূহ শুৱাই পেলোৱাৰ লগতে প্ৰচণ্ড শিলাবৃষ্টিৰে উপচি পৰিছে।এতিয়া কৃষক সকলে হুমুনিয়াহ কাঢ়িব লগা হৈছে।বতাহৰ ফলত পথত গছ বাগৰি পৰাৰ ফলত মাজুলী কেবাটাও পথ যাতায়তৰ বাবেও সমস্যাৰ সৃষ্টি হৈছে ।

 

Exit mobile version