Severe earthquake in Tibet xizang :
চীনৰ স্বায়ত্ত্বশাসিত অঞ্চল তিব্বতৰ পশ্চিম প্ৰান্তৰ সিজাঙত পুৱা সংঘটিত হোৱা ভয়ংকৰ ভূমিকম্পত সম্পূৰ্ণৰূপে বিধ্বস্ত হয় দক্ষিণ তিৰ্বতৰ বহু অঞ্চল। এই পৰ্যন্ত মৃত্যু হয় ৫৪ জনকৈ লোক ৷ আহত হৈছে কে’বা শতাধিক ৷ মঙলবাৰে পুৱাৰ পৰা একেৰাহে অনুভূত হয় পাঁচটা ভূমিকম্প । ৰিখটাৰ স্কেলত ইয়াৰ তীব্ৰতা আছিল ৭.১।
প্ৰথমটো ভূমিকম্প অনুভূত হয় পুৱা ৫:৪১ বজাত । ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৪.২। আনহাতে দ্বিতীয়টো ভূমিকম্প অনুভূত হয় পুৱা ৬:৩৫ বজাত আৰু প্ৰাবল্য আছিল ৭.১। তৃতীয়টো ভূমিকম্প অনুভূত হয় পুৱা ৭:০২ বজাত ৷ ইয়াৰ তীব্ৰতা আছিল ৪.৭। চতুৰ্থটো ভূমিকম্প অনুভূত হয় পুৱা ৭:০৭ বজাত আৰু ইয়াৰ প্ৰাবল্য আছিল ৪.৯ ৷ আনহাতে পঞ্চমটো ভূমিকম্প সংঘটিত হয় ৭:১৩ ৷ ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৪.৯।
উল্লেখ্য যে,পশ্চিম সিজাঙত সংঘটিত হোৱা বিধ্বংসী ভূমিকম্পৰ ফলত বহু ঘৰ – দুৱাৰ তাছপাতৰ দৰে খহি পৰে ৷ ধ্বংসস্তুপত পৰিণত চিকিৎসালয় আৰু শিক্ষানুষ্ঠান ৷ একেলগে পাঁচটাকৈ ভূমিকম্পই জোকাৰি যোৱা সিজাঙত এই পৰ্যন্ত উদ্ধাৰকাৰী দলে ৫৪ টা মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে এতিয়াও ধ্বংসস্তুপৰ মাজত বহু লোক আবদ্ধ থকাৰ সন্দেহ কৰিছে উদ্ধাৰকাৰী দলে ৷ চীনৰ সেনা আৰু তিৰ্বত আৰক্ষীৰ দলে যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে।
উল্লেখ্য যে,ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল ভূপৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত ৷ ভূমিকম্পৰ আনকি জোকাৰি যায় তিৰ্বতৰ চুবুৰীয়া দেশ নেপাল ,ভূটান আৰু ভাৰতৰ অসম, পশ্চিমবংগ,বিহাৰ,দিল্লীৰ কেতবোৰ অঞ্চল, উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশ ৷
স্মতৰ্ৱ্য যে,হিমালয়ান দেশ নেপালত পুৱাতে হোৱা ভূমিকম্পৰ তীব্ৰতা অধিক হোৱা বাবে বহু লোক ঘৰৰ পৰা ওলাই আহে ৰাজ পথলৈ ৷ বহু বাসগৃহ হয় আংশিক ক্ষতিগ্ৰস্ত ৷
উল্লেখযোগ্য ২০১৫বৰ্ষৰ ২৫ এপ্ৰিলত নেপালত হোৱা ভয়ংকৰ ভূমিকম্পৰ ফলত ধ্বংসস্তুপত পৰিণত ৰাজধানী কাঠমাণ্ডু,পোখাৰাক সহ দেশ খনৰ বহু অঞ্চল ৷ আনকি ভূমিকম্পৰ বাবে এভাৰেষ্টত হৈছিল হিমস্খলন ৷ এই ভূমিকম্পৰ ফলত মৃত্যু হৈছিল প্ৰায় ৮,৯৬২জন লোকৰ ৷ আহত হৈছিল প্ৰায় ২১,৯৫২ লোক ৷