COAL MINE TRAGEDY IN DIMA HASAO :এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ

এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ

COAL MINE TRAGEDY IN DIMA HASAO

অসমৰ ডিমা হাচাও জিলাৰ উমৰাংছ’ৰ এটা কয়লা খনিৰ ভিতৰত আৱদ্ধ হৈ থকা নজন শ্ৰমিকৰ এজনৰ মৃতদেহ বুধবাৰে উদ্ধাৰ কৰা হয় । মঙলবাৰৰ পৰা কয়লাখনিটোত আবদ্ধ হৈ আছিল ন গৰাকীকৈ শ্ৰমিক । তাৰ পিছৰে পৰা উদ্ধাৰ অভিযান অব্যাহত আছিল । অৱশ্যে মঙলবাৰে সন্ধিয়াৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ বাৰে উদ্ধাৰ অভিযান স্থগিত ৰাখিবলগীয়া হৈছিল যদিও বৰষুণ কমাৰ লগে লগে পুনৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখে ।

তাৰ পিছতেই উদ্ধাৰ অভিযানৰ তৃতীয় দিনা সেনাৰ ডুবাৰুসকলে এগৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰে বুলি জানিব পৰ গৈছে । এই পৰিস্থিতিৰ পিছতে আৱদ্ধ হৈ থকা আন আঠগৰাকী শ্ৰমিক জীয়াই থকাৰ আশা ক্ষীণ বুলি প্ৰকাশ কৰে বিষয়াসকলে । যদিও নৌসেনা, সেনা, এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ জোৱানৰ এটা দলে আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে ।

এনডিআৰএফ প্ৰথম বেটেলিয়নৰ কমাণ্ডেণ্ট, এইচপিএছ কান্দাৰীয়ে এক টুইটযোগে পোষ্ট কৰে যে, “… কালি বহুতো প্ৰয়াস কৰা হৈছিল কিন্তু আমি সফল হোৱা নাছিলো… এটা যুটীয়া দলে আজি (খনিত) ডুব মাৰিছিল আৰু ইয়াৰ পিছতেই আমি এটা মৃতদেহ উদ্ধাৰ কৰিছো। এই পৰিস্থিতি আন ঠাইত ডুবাৰুসকলে ডুব দিবলৈ বিশেষজ্ঞৰ প্ৰয়োজন । কিয়নো খনিৰ ভিতৰত কি আছে আমি অনুমান কৰিব পৰা নাই । আমাক কোৱা হৈছে যে খনিৰ ভিতৰত নিগনিৰ ছিদ্ৰ আছে – বাকীকেইগৰাকী লোকে ক’ত আৱদ্ধ হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰিহে এই অভিযান অব্যাহত থাকিব।”

বুধবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই X যোগে এক পোষ্ট কৰি মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি উল্লেখ কৰে যে, “২১ পেৰা ডুবাৰুসকলে এইমাত্ৰ কুঁৱাৰ তলৰ পৰা এটা মৃতদেহ উদ্ধাৰ কৰিছে। আমি পৰিয়ালটোলৈ প্ৰাৰ্থনা আৰু গভীৰ সমবেদনা জ্ঞাপন কৰিছো ।”

Exit mobile version