ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

ONEPLUS 13 SERIES

গ্ৰাহকৰ বহু প্ৰতীক্ষাৰ অন্তত ভাৰতীয় বজাৰত মুকলি হ’ল OnePlus 13 আৰু OnePlus 13R। ২০২৫ৰ সাত জানুৱাৰীত কোম্পানীটোৱে ভাৰতকে ধৰি বিশ্বব্যাপী এই ফোন মুকলি কৰিছে । ৱানপ্লাছৰ এই নতুন ফ্লেগশ্বিপ ফোন ছিৰিজত ডিজাইনকে ধৰি বহুকেইটা ফীচাৰত পৰিৱৰ্তন আনিছে । এইবাৰ ব্যৱহাৰকাৰীয়ে এই দুয়োটা ফোনতে ফ্লেট চাইড আৰু ফ্লেট ডিছপ্লে লাভ কৰিব ।

OnePlus 13 শৃংখলাটোত কেইবাটাও ভেৰাইটিত দেখা পোৱা গৈছে । OnePlus 13 ত 12জিবি ৰেম + 256জিবি ষ্ট’ৰেজ ভেৰিয়েণ্টৰ বাবে মূল্য ₹69,999 ৰ পৰা আৰম্ভ হয়, প্ৰিমিয়াম 24 জিবি ৰেম + 1টিবি মডেলৰ মূল্য ₹84,999। এই ফোনটো Midnight Ocean, Black Eclipse, and Arctic Dawnৰ দৰে তিনিটা ৰঙত উপলব্ধ হৈছে। OnePlus 13R অধিক বাজেট-ফ্ৰেণ্ডলী বুলি জানিব পৰা গৈছে । ইয়াৰ 12জিবি ৰেম + 256জিবি ষ্ট’ৰেজ সংস্কৰণ ₹42,999 মূল্যৰ পৰা আৰম্ভ হয়, 16 জিবি ৰেম + 512জিবি ষ্ট’ৰেজ ফোনটোৰ মূল্য ₹49,999। OnePlus 13Rৰ বাবে ৰঙৰ বিকল্পবোৰৰ ভিতৰত আছে Nebula Noir আৰু Astral Trail.

10 জানুৱাৰীত এই ফোনকেইটাৰ প্ৰথম বিক্ৰী আৰম্ভ হ’ব । ইচ্ছুক গ্ৰাহকে ৱানপ্লাছৰ অনলাইন আৰু অফলাইন ষ্ট’ৰৰ লগতে আমাজনৰ পৰা এই ফোনটো ক্ৰয় কৰিব পাৰিব ।

Exit mobile version