অন্ধ্ৰপ্ৰদেশ চৰকাৰে বুধবাৰে নিশা তিৰুপতিত পদপিষ্ট হৈ মৃত্যু হোৱা লোকসকলৰ পৰিয়ালৰ বাবে ২৫ লাখ টকাৰ ক্ষতিপূৰণৰ ঘোষণা কৰিছে । অন্ধ্ৰপ্ৰদেশৰ তিৰুমালা তিৰুপতিত বুধবাৰে সন্ধিয়া শ্ৰীবাৰী বৈকুণ্ঠ দ্বাৰ টিকট কাউণ্টাৰৰ ওচৰৰ মন্দিৰ দৰ্শনৰ টোকেন সংগ্ৰহ কৰিবলৈ হেতাওপৰা কৰাৰ সময়তে পদপিষ্ট হৈ ছয়জন লোকে প্ৰাণ হেৰুৱাই আৰু আন কেইবাজনো লোক আহত হয় । এই ঘটনাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।
অন্ধ্ৰপ্ৰদেশৰ ৰাজহ মন্ত্ৰী অংগনী সত্য প্ৰসাদে জানিবলৈ দিয়া অনুসৰি মন্ত্ৰীৰ এটা দলে মৃতকৰ পৰিয়াল আৰু ঘটনাটোত আহত লোকসকলক লগ কৰিবলৈ তিৰুপতিলৈ ৰাওনা হৈছিল । প্ৰসাদৰ উপৰিও গৃহমন্ত্ৰী অনিতা, এণ্ডোমেণ্ট মন্ত্ৰী অনম ৰাম নাৰায়ণ ৰেড্ডী আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলে বৃহস্পতিবাৰে পুৱা মৃতদেহকেইটা পৰিদৰ্শন কৰিবলৈ ৰুইয়া চিকিৎসালয়লৈ গৈছিল। তেওঁলোকে মৃতকৰ পৰিয়ালকো লগ কৰি ঘটনাৰ পুংখানুপুংখ তদন্তৰ কথা ঘোষণা কৰিছিল।
মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে অমৰাৱতীত সংঘটিত ঘটনা সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰি বিষয়াসকলক তীব্ৰ ভাষাৰে ভৰ্ৎসনা কৰে।
পৰৱৰ্তী সময়ত, বিষয়াসকলে তিৰুপতি ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ওচৰত এক প্ৰতিবেদন দাখিল কৰে। প্ৰতিবেদনখনত উল্লেখ কৰা হৈছিল যে, ডিএছপিৰ আকস্মিক আগমনৰ ভক্তসকলৰ মাজত ওখল মাখল লগাত পদপিষ্টৰ ঘটনা সংঘটিত হ’বলগীয়া হয় ।
বৃহস্পতিবাৰে বিয়লি মুখ্যমন্ত্ৰী নাইডু অমৰাৱতীৰ পৰা তিৰুপতিত উপস্থিত হৈ পদপিষ্ট হোৱা স্থান পৰিদৰ্শন কৰে । তেওঁ ভক্তসকলৰ বৃহৎ ভিৰ স্বত্বেও টিকট প্ৰদান কৰাৰ ব্যৱস্থা আৰু প্ৰস্তুতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল।
এই ঘটনাটোৰ পিছত, ঘটনা সন্দৰ্ভত তিৰুপতি পূব আৰক্ষী থানাত দুটাকৈ গোচৰ ৰুজু কৰা হৈছে।