প্ৰসূতিৰ মৃত্যুক লৈ উত্তাল মাৰ্ঘেৰিটাৰ ৰাজপথ । চিকিৎসক ৰাজেশ গুপ্তাক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্তেজিত দল-সংগঠনৰ । তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত শুকুৰবাৰে পুৱাই উত্তাল প্ৰতিবাদৰ সৃষ্টি হয় । জাগুন তিনিমাইল তিনিসূতিৰ নিবাসী কমলা শৰ্মা নামৰ ৩০ বছৰীয়া প্ৰসূতিগৰাকী মৃত্যু হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগতে সহস্ৰাধিক লোক ওলাই আহি ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰি চিকিৎসকগৰাকীৰ গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে ।
মহিলাগৰাকী গৰ্ভাৱস্থাৰ পৰাই মাৰ্ঘেৰিটাস্থিত মেফ্লাৱাৰ নামৰ ব্যক্তিগত নাৰ্চিং হোমত কৰ্মৰত ৰাজেশ গুপ্তা নামৰ চিকিৎসক গৰাকীৰ তত্বাৱধানত চিকিৎসা গ্ৰহণ কৰি আছিল। কিন্তু যোৱা বুধবাৰে প্ৰসূতিগৰাকীৰ প্ৰসৱ বেদনা হোৱাৰ পিছতে নাৰ্চিং হোমত ভৰ্তি কৰায় । তাৰ পিছতে বৃহস্পতিবাৰে মহিলাগৰাকীৰ চিজাৰিণ কৰি এটা শিশুৰ জন্ম হয় । কিন্তু বিয়লিভাগলৈ প্ৰসূতিগৰাকীৰ অধিক ৰক্তক্ষৰণ হোৱাত তেওঁৰ স্থাস্থ্যৰ অধিক অৱনতি হোৱাত খোদ চিকিৎসকগৰাকীয়েই তেওঁক নিজৰ তেজ প্ৰদান কৰে।
তাৰ পিছতো দুৰ্ভগীয়া মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি হোৱাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰাত ইতিমধ্যে প্ৰসূতিগৰাকীয়ে কৰুণভাৱে মৃত্যুক আকোঁৱালি লয়। এই ঘটনাৰ কথা মাৰ্ঘেৰিটাত বিয়পি পৰাৰ লগে লগে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ফলত পুৱাই সহস্ৰাধিক ৰাইজ উলাই আহি নাৰ্চিং হোমখন বন্ধ কৰাৰ লগতে চিকিৎসক ৰাজেশ গুপ্তাক গ্ৰেপ্তাৰ দাবী তুলি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।