Umrangso Illegal Coal Mining: কয়লাখনিৰ গহ্বৰৰ পৰা পুনৰ উদ্ধাৰ তিনি শ্ৰমিকৰ মৃতদেহ

umrang 1

Umrangso Illegal Coal Mining:

বহুচৰ্চিত উমৰাংছ’ৰ তিনি কিলো অবৈধ কয়লা খনিত শ্ৰমিক আবদ্ধ হৈ থকা ঘটনাৰ ছদিন উকলি যোৱাৰ পিছত আজি পুনৰ গহ্বৰৰ পৰা উদ্ধাৰ কৰা হয় তিনি শ্ৰমিকৰ মৃতদেহ ৷ অবৈধ কয়লা খনিৰ পৰা পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় তিনিওটা মৃতদেহ ৷ শ্রমিক কেইজন হ’ল ডিমা হাছাওৰ ২৭ বছৰীয়া লিজেন মগৰ,কোকৰাঝাৰৰ খুচি মোহন(৫৭) আৰু শোনিতপুৰৰ শৰৎ গয়াৰী (২৭)বুলি চিনাক্ত কৰা হৈছে ৷

উল্লেখ্য যে,বৰ্তমানলৈকে উদ্ধাৰ হোৱা শ্ৰমিকৰ মৃতদেহৰ সংখ্যা হ’লগৈ চাৰিজন ৷ আনহাতে, আজি নাগপুৰৰ পৰা অনা অত্যাধুনিক পানী পাম্প মেচিন সংস্থাপনৰ সম্ভাৱনা আছে। মেচিনটো কাৰ্যক্ষম হৈ উঠিলে নিশালৈ খনিৰ ভিতৰত পানী সিঁচি শেষ কৰাৰ আশা কৰিছে উদ্ধাৰকাৰী দলে ৷

আনহাতে, এতিয়াও পাঁচজন শ্রমিকৰ সন্ধান ওলোৱা নাই। উল্লেখ্য যে যোৱা সোমবাৰে পুৱা ডিমা হাছাও জিলাৰ উমৰাংছ’ৰ এটা অবৈধ কয়লা খনিৰ অভ্যন্তৰ আকস্মিকভাৱে পানীৰে উপচি পৰাত খনিটোত কৰ্মৰত অৱস্থাত থকা কমেও নজন শ্রমিক আবদ্ধ হৈ পৰে।

বৃহস্পতিবাৰে উদ্ধাৰকাৰী বাহিনীয়ে এই দৰিদ্ৰ শ্রমিক কেইজনৰ এজনৰ মৃতদেহ উদ্ধাৰ কৰে। এছডিআৰএফ, (এনডিআৰএফৰ উপৰি আৰক্ষী, সেনা, আছাম ৰাইফলছ আৰু নৌসেনাৰ উচ্চ প্রশিক্ষিত ডুবাৰুৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। আনহাতে, এজন ডুবাৰুৱে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, অবৈধ খনিটোৰ ভিতৰত ঘোপ মৰা আন্ধাৰ, পৰিকল্পনাব অভাৱ তথা এক অজ্ঞাত উৎসৰ পৰা পানীৰ প্ৰৱেশ ঘটি থকা আদিৰ বাবে উদ্ধাৰ কাৰ্যত তীব্র প্রত্যাহ্বানৰ সৃষ্টি হৈছে।

এনে প্রত্যাহ্বানৰ মাজতো উদ্ধাৰ অভিযান অব্যাহতৰ ৰখা হৈছে বুলি উল্লেখ কৰি ডুবাকজনে লগতে কয়, ‘ভিতৰত আমি একোৱেই দেখা নাপাওঁ। আমাৰ কোনো মানচিত্র, স্কেল বা খনিটোৰ অভ্যন্তৰত বিচৰণৰ বাবে দিশ-নির্দেশনা নাই। আমি নিজৰ মতে উদ্ধাৰ অভিযান চলাবলগীয়া হৈছে। তললৈ নামি যোৱাৰ লগে লগে আমি গম পাওঁ যে এই গাঁত শংকু আকৃতিৰ আৰু ঠেক।

শুক্ৰবাৰ ডুবাৰুসকলে খনিৰ তলিৰ আধা অংশত আবদ্ধ শ্রমিককেইজনৰ সন্ধান কৰে। একেদৰে বুধবাৰে প্ৰথমবাৰ খনিটোৰ অভ্যন্তৰত প্ৰৱেশ কৰো।’ এই উদ্ধাৰ অভিযানৰ সময়ত তেওঁৰ সোঁহাত এটা মৃতদেহৰ গাত লাগিছিল বুলিও জনায়। উদ্ধাৰ হোৱা শ্রমিকজনৰ মৃতদেহটো খনিৰ কেন্দ্ৰীয় খাদৰ পৰা উদ্ধাৰ কৰা বুলিও তেওঁ জনায়। এই দুর্ভগীয়া শ্রমিকজনক নেপালৰ গংগা বাহাদূৰ শ্রেষ্ঠ বুলি চিনাক্ত কৰা হয়। অৱশ্যে খনিটোৰ মধ্য খাদত আন কোনো শ্রমিকৰ অস্তিত্ব নাই বুলি ডুবাৰুজনে সদৰী কৰে। অৱশ্যে তেওঁ ‘কয় যে মধ্য খাদটোৰ স’তে কিমান সুৰংগ সংযোগ হৈ আছে সেয়া তেওঁলোকে নাজানে।

ইপিনে, খনিটোৰ ভিতৰৰ পানী যন্ত্ৰৰে সিঁচি আছে যদিও উদ্ধাৰ কাৰ্যত সিয়ে বিশেষ সহায় কৰিব পৰা নাই বুলি সূত্ৰই প্ৰকাশ কৰিছে।

Exit mobile version