বিদ্যালয়ৰ ভিতৰতেই ছাত্ৰীক শাৰীৰিক নিৰ্যাতন প্ৰধান শিক্ষকৰ, কাৰাগাৰলৈ প্ৰেৰণ শিক্ষকক

বিদ্যালয়ৰ ভিতৰতেই ছাত্ৰীক শাৰীৰিক নিৰ্যাতন প্ৰধান শিক্ষকৰ, কাৰাগাৰলৈ প্ৰেৰণ শিক্ষকক

শিক্ষক

শিক্ষক

তৈলনগৰী ডিগবৈত শিক্ষক সমাজক লজ্জানত কৰা ঘটনা পোহৰলৈ আহিছে ৷ লম্পটৰূপী শিক্ষকে সংঘটিত কৰা কুকাণ্ডৰ বিৰোদ্ধে ডিগবৈ আৰক্ষী থানাত ভুক্তভোগী ছাত্ৰীৰ অভিভাৱকে এজাহাৰ দাখিল কৰাৰ পিছতে দেওবাৰে আৰক্ষীয়ে কৰায়ত্ত কৰি জেল-হাজোতলৈ প্ৰেৰণ কৰে অভিযুক্ত শিক্ষকক ।

ADVERTISEMENT

অভিযোগ অনুসৰি ডিগবৈ চহৰৰ দাঁতিকাষৰীয়া পাৱৈ মডেল স্কুলৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰীক বিদ্যালয়খনৰ প্ৰধান শিক্ষক তথা মাৰ্ঘেৰিটা মাকুমকিল্লাৰ নিবাসী বিনোদ কোঁৱৰে যোৱা বৃহস্পতিবাৰে বিদ্যালয়তে শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল ৷ ভুক্তভোগী ছাত্ৰীগৰাকীয়ে দুদিনৰ পূৰ্বে বিদ্যালয়ত সংঘটিত হোৱা ঘটনাক লৈ অভিভাৱকক অৱগত কৰাৰ পিছতে ডিগবৈ আৰক্ষী থানাত ঘটনাৰ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰা হয় ।

পৰৱৰ্তী সময়ত এজাহাৰৰ ভিত্তিত ডিগবৈ আৰক্ষীয়ে ০৮/২৫ ইউ/ ৩৫১,৭৪ ভাৰতীয় ন্যায় সংহিতা আৰ/ডব্লিউ ১০ প’কশ্ব আইনৰ অধীনত শিক্ষক বিনোদ কোঁৱৰক আটক কৰি এনিশা লকআপত ৰাখি দেওবাৰলৈ ৰঙা ঘৰলৈ প্ৰেৰণ কৰে ।

Exit mobile version