HMPV CASE IN ASSAM : অসমত প্ৰথমটো HMPVৰ ঘটনা; ১০ মহীয়া শিশুৰ দেহত ধৰা পৰিল HMPV

HMPV CASE IN ASSAM : অসমত প্ৰথমটো HMPVৰ ঘটনা; ১০ মহীয়া শিশুৰ দেহত ধৰা পৰিল HMPV

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়

ভাৰতবৰ্ষৰ কেইবাখনো জিলাত যোৱা ছয় জানুৱাৰীৰ পৰা ক্ষিপ্ৰতাৰে বৃদ্ধি হৈছে HMPV ভাইৰাছৰ ঘটনা । এইবাৰ অসমতো চিনাক্ত হৈছে প্ৰথমটো HMPV ভাইৰাছত আক্ৰান্ত হোৱাৰ ঘটনা ।জানিব পৰা অনুসৰি লখিমপুৰৰ এটি ১০ মহীয়া শিশুৰ শৰীৰত ধৰা পৰিছে HMPV পজিটিভ । সম্প্ৰতি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে শিশুটি ।

ADVERTISEMENT

অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ ধ্ৰুৱজ্যোতি ভূঞাই HMPV সম্পৰ্কত তথ্য সদৰী কৰি কয় যে, আঠ জানুৱাৰীত এটা শিশু জ্বৰ আৰু পানী লগা হোৱাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ অহা হৈছিল । ‌ নিয়মীয়া পৰীক্ষাত প্ৰথমে শিশুটিৰ দেহত HMPV ধৰা পৰে । সম্প্ৰতি শিশুটিৰ চিকিৎসা অব্যাহত আছে । বৰ্তমান শিশুটো পূৰ্বতকৈ সুস্থ হৈছে । শিশুটিৰ দেহত ভাইৰাছৰ লক্ষণসমূহ হ্ৰাস পাইছে‌ ।

লগতে অধীক্ষক ডাঃ ধ্ৰুৱজ্যোতি ভূঞাই এই ভাইৰাছৰ বাবে অনাহকত কোনো লোকক আতংকিত নহৈ সাধাৰণ সাৱধানতাসমূহ অৱলম্বন কৰিবলৈ সকলোকে‌ আহ্বান জনায় । শিশুটিক আছুতীয়া কক্ষত ৰখা হৈছে বুলি জানিবলৈ পৰা গৈছে ।

Exit mobile version