আইএমডি ১৫০ বছৰীয়া সেৱাৰ স্মৃতিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহাটীৰ উদ্য়োগত দেওবাৰে উলিওৱা হয় ‘ৰাণ ফৰ মৌছ’ম’ শীৰ্ষক মাৰাথন দৌৰ। দৈনন্দিন জীৱনত বতৰ বিজ্ঞানৰ গুৰুত্বপূৰ্ণ ভূমিকা আৰু দুৰ্যোগ ব্যৱস্থাপনা, কৃষি, বিমান পৰিবহণ আৰু জনসাধাৰণৰ সুৰক্ষাৰ ক্ষেত্ৰত ইয়াৰ অৱদানৰ বিষয়ে সজাগতা সৃষ্টি উদ্দেশ্য়ে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল।
বিভাগটোত কৰ্মৰত আৰু অৱসৰপ্ৰাপ্ত বতৰ বিষয়া আৰু তেওঁলোকৰ পৰিয়াল, ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য বতৰ বিজ্ঞানৰ অনুৰাগীসকলে ইয়াত অংশগ্ৰহণ কৰে। আৰ এম চি গুৱাহাটীৰ মুৰব্বী কে এন মোহনে মাৰাথন দৌৰত ফ্লেগ অফ কৰে। আৰ এম চি গুৱাহাটী চৌহদৰ পৰা আৰম্ভ হোৱা এই মাৰাথন দৌৰ মহানগৰীৰ কে’বাটাও পথৰ মাজেৰে পাৰ হৈ যায়। পুৰুষৰ শাখাত মিণ্টু শৰ্মা, ৰাজা শ্ব’ আৰু সিদ্ধাৰ্থ কুমাৰ ঝাই ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় আৰু মহিলা শাখাত ক্ৰমে ৰাণী দেৱী, মীনাক্ষী নাথ আৰু ধৰীত্ৰী শইকীয়াই প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। মাৰাথন দৌৰৰ অন্তত আৰ এম চি গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত বিষয়াসকলৰ বাবে সম্বৰ্ধনা অনুষ্ঠান আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।
In a significant event celebrating 150 years of service by the India Meteorological Department (IMD), the Regional Meteorological Centre (RMC) Guwahati organized a marathon titled ‘Run for Mausam’ on January 12, 2025.