বিহুৰ লাৰু-পিঠা খাই গেছৰ সমস্যাত ভুগিছে নেকি !তেনেহ’লে ঘৰতেই খাওক এইসমূহ ঔষধ

আমি আপোনালোকৰ বাবে এই প্ৰতিবেদনত লৈ আহিছো এনে কিছু ঘৰুৱা উপায় যাৰ জৰিয়তে আপুনি সহজে গেছৰ পৰা পৰিত্ৰাণ পাব পাৰে ।

গেছৰ সমস্যা

গেছৰ সমস্যা

ভোগালী বিহু বুলি লাৰু, পিঠা, জলপান সকলোৱে খাইছে । কিন্তু এই পিঠা, লাৰু খাবলৈ সিমানেই সুস্বাদু ই পেটৰ বাবে সিমানেই অপকাৰী । সাধাৰণতে শীতকালত যথেষ্টসংখ্যক লোকেই গেছৰ সমস্যাত ভোগা দেখা যায় । বহুতেই বছৰৰ পিছত বছৰ এই সমস্যাৰ কাৰণে জ্বলা–কলা খাবলগীয়া হয়। ভিন্ন টেবলেট খাইও গেছৰ পৰা পৰিত্ৰাণ পাব নোৱাৰে বহু লোকে । সেইবাবে আমি আপোনালোকৰ বাবে এই প্ৰতিবেদনত লৈ আহিছো এনে কিছু ঘৰুৱা উপায় যাৰ জৰিয়তে আপুনি সহজে গেছৰ পৰা পৰিত্ৰাণ পাব পাৰে ।

কল গেছৰ সমস্যাৰ বাবে এক উৎকৃষ্ট বিকল্প । দৈনিক পুৱা সোনকালে উঠি এটাকৈ কল খাওক খালী পেটত। কিছুদিনৰ ভিতৰতে আপুনি উপকাৰ পাব।

পুৱা সোনকালে উঠি তুলসী পাতৰ চাহ খালে আপুনি গেছৰ পৰা ৰেহাই পাব পাৰে । আপোনাৰ যদি চাহ খোৱাৰ অভ্যাস নাথাকে তেনেহ’লে কুহুমীয়া গৰম পানীত তুলসী পাত দি খাব পাৰে।

খাদ্য গ্ৰহণৰ পিছত চফ চোবাই খালে গেছৰ পৰা পৰিত্ৰাণ পাব পাৰি । নিশা শোৱাৰ পূৰ্বে পানীত চফ ভিজাই ৰাখক। পুৱা খালী পেটত সেই পানী খাওক। গৰম পানীত চফৰ সৈতে পদিনা পাত দিও খাব পাৰে।

আদা-নহৰুৱে গেছৰ পৰা মুক্তি পোৱাত সহায় কৰে। আদাই খাদ্য খুব সহজে হজম কৰাত সহায় কৰে। খোৱাৰ আধাৰ পৰা এঘণ্টা পিছত আদা খুন্দি ক’লা নিমখৰ সৈতে খাওক।

টেঙা দৈত যি কেলচিয়াম থাকে সিয়ে পাকস্থলীত গেছ তৈয়াৰ হ’বলৈ নিদিয়ে। দৈৰ লেকটিত এচিডে হজম প্ৰক্ৰিয়াক আৰু শক্তিশালী কৰি তোলে।

Exit mobile version