Umrangso Incident:উমৰাংছ’ৰ অভিশপ্ত কয়লাখনিত এতিয়াও আবদ্ধ খলিচানিমাৰীৰ সৰ্পা বৰ্মন

দূৰ্ভোগীয়া পৰিয়ালটোৰ খবৰ ল'বলৈ সময় নাই বিটিআৰৰ ই এম উকিল মুছাহাৰীৰ

umaranso

Umrangso Incident:

যোৱা ৬ জানুৱাৰীত উমৰাংছ’ৰ অভিশপ্ত কয়লাখনিত আবদ্ধ হৈছিল ৯ গৰাকী শ্ৰমিক। উদ্ধাৰকাৰীয়ে ৪ গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিছে যদিও এতিয়াও ৫ গৰাকী শ্ৰমিক কয়লা খনিটোতে আবদ্ধ হৈ আছে। ইপিনে ১১ দিন উকলি গ’ল কিন্তু এতিয়াও কয়লা খনিত আবদ্ধ হৈ থকা কোকৰাঝাৰ জিলাৰ ভাওঁৰাগুৰী আৰক্ষী চকী অন্তৰ্গত খলিচানিমাৰী গাঁৱৰ সৰ্পা বৰ্মনৰ কোনো ধৰণৰ সন্ধান পোৱা নাই।

ADVERTISEMENT

ঘৰখনত এতিয়াও শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। সৰ্পা বৰ্মনক উদ্ধাৰ কৰি ঘৰত পঠিয়াই দিবলৈ মুখ্যমন্ত্ৰী লৈ আহ্বান পৰিয়াল লগতে গাওঁবাসীৰ। উল্লেখ্য যে ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল সৰ্পা বৰ্মন। ঘৰত আছে দুগৰাকী জীয়ৰী আৰু পত্নী । এজনী জীয়ৰীৰ বহাগত বিয়া। এতিয়া অনিশ্চয়তাত দিন কটাইছে দুগৰাকী কন্যাক লৈ সৰ্পা বৰ্মনৰ পত্নীয়ে। ছোৱালীৰ বিয়াৰ লগতে ঘৰখনৰ অভাৱ অনাটনৰ বাবে আৰ্থিক সাহাৰ্য্য আৰু পৰিয়ালটোৰ সংস্থাপনৰ বাবে চৰকাৰলৈ কাতৰ আহ্বান জনাইছে সৰ্পা বৰ্মনৰ ঘৈণীয়েক আৰু গাওঁবাসীয়ে।

ইপিনে তাৎপৰ্যপূৰ্ণ কথা যে উক্ত ঘটনাৰ ১১ দিন উকলি গ’ল কিন্তু পৰিয়ালটোৰ খবৰ লবলৈ উপস্থিত নহ’ল বিটিআৰৰ ই এম তথা ৬ নং কচুগাওঁ পৰিষদীয় সমষ্টিৰ এমচিএলএ উকিল মুছাহাৰী। ই এম উকিল মুছাহাৰীৰ উক্ত কাণ্ডই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সচেতন ৰাইজৰ মাজত।

Exit mobile version