Imran Khan: দুৰ্নীতিৰ গোচৰত ১৪ বছৰৰ কাৰাদণ্ড পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক
৭ বছৰৰ কাৰাদণ্ড ইমৰাণ খানৰ পত্নীকো
আল কাদিৰ ট্ৰাষ্টৰ ভূমি কেলেংকাৰিৰ গোচৰত ৰায়দান আদালতৰ
:দুৰ্নীতিৰ গোচৰত ১৪ বছৰৰ কাৰাদণ্ড পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক ৷ ৭ বছৰৰ কাৰাদণ্ড ইমৰাণ খানৰ পত্নীকো ৷
উল্লেখ্য যে,দুৰ্নীতি বিৰোধী আদালতে খান দম্পতীক তেওঁলোকে একেলগে স্থাপন কৰা আল-কাদিৰ ট্ৰাষ্ট নামৰ ভূমি কেলেংকাৰিৰ গোচৰত দোষী সাব্যস্ত কৰে।
শুকুৰবাৰে পাকিস্তানৰ দুৰ্নীতি বিৰোধী আদালতে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান আৰু তেওঁৰ পত্নী বুছৰা বিবিক দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত কৰি খানক ১৪ বছৰৰ কাৰাদণ্ডৰ শাস্তি ঘোষণা কৰি ন্যায়াধীশ নাছিৰ জাভেদ ৰাণাই কয় যে বিচাৰ বিভাগে নিজৰ গোচৰ প্ৰমাণ কৰিছে।খানক দোষী সাব্যস্ত কৰা হৈছে।
স্মতৰ্ৱ্য যে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জনক বন্দী কৰি ৰখা ৰাজধানী ইছলামবাদৰ ওচৰৰ কাৰাগাৰতে শুকুৰবাৰে দুৰ্নীতি বিৰোধী আদালতে ৰায় প্ৰদান কৰে ৷
উল্লেখ্য যে,২০২৩ ৰ আগষ্ট মাহৰ পৰাই খান কাৰাগাৰত আছে, খানে অভিযোগ কৰা মতে ক্ষমতালৈ ঘূৰি নাহিবৰ বাবে ৰাজনৈতিকভাৱে তেওঁক নি:শেষ কৰিবৰ বাবে প্ৰায় ২০০টা গোচৰ জাপি দিয়া অভিযোগ হৈছে।
শেহতীয়াকৈ তেওঁৰ পত্নী বুছৰা বিবিৰ বিৰুদ্ধে থকা কাৰাদণ্ড স্থগিত ৰখাৰ পিছতে জেলৰ পৰা মুকলি কৰি দিয়া হৈছিল ।