বন্ধু অথবা বান্ধৱী প্ৰত্যেকগৰাকী লোকৰ জীৱনৰে এক অন্যতম অংগ । কিন্তু কেতিয়াবা বন্ধু বা বান্ধৱীৰ প্ৰেমতো পৰিব পাৰে আপুনি । হয়তো বহুতেই বন্ধুত্বৰ সম্পৰ্কটো হেৰুৱাব লগা হোৱাৰ ভয়ত মনৰ কথা মনতেই ৰাখি থয় । কিছু লোকে প্ৰকাশ কৰাৰ পিছতে সেই প্ৰিয় বন্ধু অথবা বান্ধৱীগৰাকীক প্ৰেমিক-প্ৰেমিকা তথা জীৱন লগৰী হিচাপেও লাভ কৰে । কিছু লোকে কয় যে, আপোনাৰ প্ৰেমিক-প্ৰেমিকা তথা জীৱন লগৰীগৰাকী যদি আপোনাৰ প্ৰিয় বন্ধু হ’ব নোৱাৰে, তেন্তে সেই সম্পৰ্কত আউল লগাৰ সম্ভাৱনা থাকে ।
সেয়েহে আমি আপোনালোকে এই প্ৰতিবেদনত লৈ আহিছো, আপুনিও যদি আপোনাৰ প্ৰিয় বন্ধু-বান্ধৱীৰ প্ৰেমত পৰিছে, তেওঁৰ আগত আপোনাৰ মনৰ অনুভৱ কেনেদৰে প্ৰকাশ কৰিব ?
বিশেষজ্ঞসকলে কয় যে একপক্ষীয় প্রেম বন্ধুত্বৰ পৰাও সম্পৰ্ক গঢ় লৈ উঠাৰ সম্ভাৱনা থাকে। গবেষক এডৱার্ড লেমে আৰু নোয়া উলফৰ মতে, একপক্ষীয় সম্পর্ক বা প্রেমত এজন বন্ধু আনজনৰ প্ৰতি দুৰ্বল হৈ পৰে। এই ধৰণৰ মৰমত প্ৰেমত পৰা ব্যক্তিজনে অন্তৰৰ গভীৰতম চিন্তা কৰে যে তেওঁৰ বন্ধুৱেও তেওঁক একেদৰেই ভাল পায়। গতিকে অজানিতে তেওঁ ভালপোৱা মানুহজনৰ ওচৰ পায়গৈ। কেতিয়াবা ফ্লার্ট বা ইংগিত দিয়ে যে তেওঁ প্রকৃততে সম্পর্কত কি বিচাৰে সেয়াক লৈ বিভ্ৰান্তিও হয় ।
আন কিছু গৱেষকৰ মতে, কেতিয়াবা আপোনাৰ অনুভৱখিনি আপোনাৰ বিপৰীত মানুহগৰাকীয়ে নাভাবিবও পাৰে । তেনে ক্ষেত্ৰত আপোনাৰ বন্ধু-বান্ধৱীগৰাকীৰ ইংগিত তথা ফ্লার্টে তেওঁৰ মন সলনি কৰি দিবও পাৰে ।
অধ্যয়নত দেখা গৈছে যে, যদি এজন বন্ধুৱে এজন আনজনৰ প্রতি দুর্বল হয় আৰু যদি তেওঁ আনজন বন্ধুক নিজৰ অনুভৱ ব্যক্ত কৰি থাকে, তেন্তে দুয়োৰে মাজৰ সম্পৰ্কত নিশ্চয় পৰিৱৰ্তন আহিব। কেতিয়াবা আনজন বন্ধুৱে তেওঁক বেলেগ চকুৰে চাবলৈ আৰম্ভ কৰিব। এনে ঘটনা সংঘটিত হ’লে বন্ধুত্বৰ বাহিৰে প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠাৰ সম্ভাৱনা থাকে।