“মই বদনামী হৈ গ’লো !”- সঞ্জয় ৰয়

সঞ্জয় ৰয়

সঞ্জয় ৰয়

প্ৰায় ৫ মাহৰ অন্তত ন্যায় পালে কলকতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় ও হাস্পতালৰ প্ৰশিক্ষাৰ্থী চিকিৎসক ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ভুক্তভোগীয়ে । সোমবাৰে বিয়লি প্ৰায় ৩.৪৫ বজাত ন্যায়াধীশ অনিৰ্বাণ দাসে জঘন্য ঘটনা সংঘটিত কৰাৰ অভিযোগত সঞ্জয় ৰয়যাৱজ্জীৱন কাৰাদণ্ড বিহে । এই শাস্তি শুনাৰ পিছতে কান্দি উঠে সঞ্জয় । তাৰ পিছত, সঞ্জয়ে আদালতৰ পৰা ওলাই যাওঁতেই নিজকে গোষী বুলি মুখৰ ভিতৰতে ভোৰভোৰাই ।

আদালতৰ পৰা ওলাই অহাৰ সময়ত সঞ্জয়ে নিজ অধিবক্তাক কয় যে, তেওঁক মৃত্যু নহয় যাৱজ্জীৱন কাৰাদণ্ড বিহিছে । তেওঁৰ বৰ বেয়াকৈ বদনাম হৈ গ’ল ।

ইফালে আদালতত আত্মপক্ষৰ সমৰ্থনত মত প্ৰকাশ কৰি সঞ্জয়ে কয়, “মই হত্যা বা আন একো কৰা নাছিলো । মোক ফ্ৰেম কৰা হৈছে। মই আগতেও কৈছো, মই শুনা অনুসৰি এই ঘটনাৰ প্ৰকৃত প্ৰমাণ লুকুওৱা হৈছে । মোৰ ডিঙিত এডাল ৰুদ্ৰাক্ষৰ মালা আছিল, সেইডালো ধ্বংস কৰা হৈছে । মই নিৰ্দোষী । মই আগতেই কৈছো , মোক কেনেকৈ মাৰপিট কৰা হৈছিল, যাৰ যি ইচ্ছা মোৰ লগত তাকেই কৰিছে । মোক অত্যাচাৰ কৰা হৈছিল, মোৰ স্বাক্ষৰো লোৱা হৈছে । মোক য’ত কৈছে মই তাতেই স্বাক্ষৰ কৰিছো ।’

Exit mobile version