Lurinjyoti Gogoi:বিনামূলীয়া ইউনিফৰ্ম বিতৰণৰ নামত ব্যাপক দুৰ্নীতি-অনিয়ম

আগৰৱালা উপাধিৰ ঠিকাদাৰে নিয়ন্ত্ৰণ কৰে ইউনিফৰ্ম যোগান ব্যৱস্থা, ব্লেক লিষ্টেড যোগনিয়াৰে পিছ দুৱাৰেদি পায় ঠিকা, লুৰীণজ্যোতি গগৈয়ে দিলে দুৰ্নীতি-অনিয়মৰ বিস্তৃত তথ্য

lurinoo

Lurinjyoti Gogoi:

সমগ্ৰ শিক্ষা বিভাগৰ অধীনত ৰাজ্য চৰকাৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিতৰণ কৰা বিনামূলীয়া ইউনিফৰ্ম বিতৰণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদে

দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে আজি দলৰ কাৰ্য্যালয়ত সংবাদ মাধ্যমক সম্বোধি কয় যে আগৰৱালা উপাধিৰ কেইগৰাকীমান ব্যৱসায়ীয়ে ইউনিফৰ্ম যোগানৰ সমগ্ৰ জগতখন দখল কৰি আছে। আশ্চৰ্য্যজনকভাৱে, উক্ত লোককেইজনে পূৰ্বে ইউনিফৰ্মৰ নামত ব্যৱহাৰৰ অনুপযোগী কাপোৰ যোগান ধৰাৰ বাবে চৰকাৰে লোককেইজনৰ ফাৰ্মকেইখনক ব্লেক লিষ্টেড ঘোষণা কৰাৰ পাছত অন্য নামেৰে নতুন ফাৰ্ম খুলি এই লোককেউজনে ৰুনৰ একে ধৰণৰ কাপোৰৰ ইউনিফৰ্ম যোগান আৰম্ভ কৰিছে। অথচ বিষয়টো দেখিও নেদেখাৰ ভাও জুৰি আছে দিছপুৰে।

আজি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে উক্ত ইউফৰ্ম যোগান কেলেংকাৰীৰ তথ্য দাঙি ধৰি কয় যে সৰ্ব শিক্ষা অভিযানৰ অধীনত ৰাজ্য চৰকাৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিবছৰে বিনামূলীয়া ইউনিফৰ্ম যোগান ধৰি আহিছে। কিন্তু কিছুবছৰ ধৰি ইউনিফৰ্মৰ নামত ব্যৱহাৰৰ অনুপযোগী কাপোৰ যোগানৰ ঘটনা সংঘটিত হোৱাটো পোহৰলৈ অহাৰ পাছত ৰাজ্য চৰকাৰে তেনে কাপোৰ যোগান দিয়া ফাৰ্মকেইখনক ব্লেক লিষ্টেড ঘোষণা কৰে। তেনে ব্লেক লিষ্টেড ফাৰ্মসমূহৰ মাজত আছে অমিত আগৰৱালা মালিকানাধীন পাপা প্লিজ আৰু নৰেন্দ্ৰ আগৰৱালা ট্ৰেডাৰ্ছ নামৰ দুখন ফাৰ্ম।

কিন্তু উক্ত ফাৰ্ম দুখন ব্লেক লিষ্টেড হোৱাৰ পাছত একেগৰাকী ব্যক্তি অমিত আগৰৱালাই ইউনিফৰ্ম ছলিউচনছ, আনছল্ড এন্টাৰপ্ৰাইজ আৰু জৈন ট্ৰেডাৰ্ছ নামেৰে তিনিখন নতুন ফাৰ্ম খুলি নিবিদাত অংশগ্ৰহণ কৰে আৰু পুনৰ ইউনিফৰ্ম যোগানৰ ঠিকা লাভ কৰে। একেদৰে বিজয় আগৰৱালাই বিজয় এছোছিয়েট নামৰ ফাৰ্মখন ব্লেক লিষ্টেড হোৱাৰ পাছত বিজয় এণ্ড ছন্স, জনতা ড্ৰেছেজ আৰু বিনাপানি ড্ৰেডাৰ্ছ নামেৰে তিনিকন নতুন ফাৰ্ম খুলি একেই কাম আৰম্ভ কৰে। মনোজ আগৰৱালা নামৰ আন এজন ঠিকাদাৰে তেওঁৰ ছালাছাৰ আৰু কে এম ট্ৰেডাৰ্চ নামৰ ফাৰ্ম দুখন ব্লেক লিষ্টেড হোৱাৰ পাছত ৰেনু এন্টাৰপ্ৰাইজ নামেৰে নতুন ফাৰ্ম খুলি উউনিফৰ্ম যোগান অব্যাহত ৰাখিছে। একেটা পন্থা অৱলম্বন কৰা অন্য ঠিকাদাৰকেইজনৰ ভিতৰত আছে চন্দন আগৰৱালা, ৰাজেশ আগৰৱালা আৰু সুৰেন্দ্ৰ আগৰৱালা।

জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে আজি কয় যে মুখ্য মন্ত্ৰীসহ বিজেপিৰ নেতাসকলে শূন্য সহনশীলতাৰ কথা মুখত আওৰাই থাকিলেও এই সমগ্ৰ দুৰ্নীতি-অনিয়ম দিছপুৰৰ ছত্ৰছায়াত এই দুৰ্নীতি-অনিয়ম সমঘটিত হৈ আহিছে। দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰকেইজন ইমানেই ক্ষমতাশালী যে কোনো বিষয়াই তেওঁলোকৰ অনিয়মত সহযোগ নকৰিলে সেই বিষয়াৰ চাকৰি লৈ টনাটনি হয়। ইউনিফৰ্মৰ গুণাগুন পৰীক্ষা কৰা বিষয়াকো মেনেজ কৰি ইউনিফৰ্ম যোগানৰ জগতখনত নিজৰ দপদপনি অব্যাহত ৰাখিছে।

কাৰ সাহসত এইসকল দুৰ্নীতিগ্ৰস্ত যোগনিয়াৰে চৰকাৰী নীতি নিয়ম ভৰিৰে মোহাৰি অনুপযুক্ত ইউনিফৰ্ম যোগানেৰে ৰাজ্যৰ দুখীয়া ছাত্ৰ-ছাত্ৰীক ঠগিব পাৰিছে বুলি প্ৰশ্ন উত্থাপন কৰি জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে উক্ত দুৰ্নীতি-অনিয়ম বন্ধ কৰিবলৈ তথা দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ আৰু বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

Exit mobile version