BTR CEM Pramod Boro:
বিজনীৰ হাওৰগাঁওস্থিত নৰ্থ ইষ্ট মিলিটাৰী স্কুলৰ নৱ নিৰ্মিত স্থায়ী চৌহদ আৰু ছাত্ৰাবাস “ইৰাগদাও ভৱন” উদ্বোধন কৰিবলৈ আহি এই মন্তব্য কৰিছে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই।
হাগ্ৰামা মহিলাৰীৰ ১৭ বছৰীয়া কাৰ্যকালত হত্যা, হিংসা, বড়ো-অবড়োৰ মাজত কাজিয়া হ’ল, কিন্তু বৰ্তমান চাৰি বছৰতে এইবোৰ নাইকিয়া হ’ল, শান্তি আহিল। বৰ্তমান সুস্থ চিন্তা কৰা, উন্নয়নৰ চিন্তা কৰা, জাতি- জনগোষ্ঠীৰ কথা চিন্তা কৰাহে পৰিবেশ, গতিকে এই পৰিবেশত হাগ্ৰামা মহিলাৰী ৰাজনীতিৰ বাবে উপযুক্ত ব্যক্তি নহয়।
হাগ্ৰামা মহিলাৰী কোচিং চেণ্টাৰ বনোৱা মানুহ নহয়, তেওঁ দৈজিং ফেষ্টিভেল বনোৱা মানুহ। তেওঁ ১৭ বছৰত কোচিং চেণ্টাৰ বাদ দিয়ক ভিচিডিচি বিলাকেই ভালকৈ চলাব নোৱাৰিলে বুলি হাগ্ৰামাক উভতি ধৰিলে মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই।