Srimanta Sankardev Sangha:
পূৱ নলবাৰী অঞ্চলৰ লাটিমা মধূসুদন প্ৰাথমিক শাখাৰ নামঘৰ প্ৰাঙ্গণত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পূৱ নলবাৰী আঞ্চলিক শাখাৰ ৪৭ সংখ্যক বাৰ্ষিক অধিৱেশনখন যোৱা ১৮ আৰু ১৯ জানুৱাৰীত দুদিনীয়াকৈ পালন কৰা হয় |
মধূসুদন প্ৰাথমিক শাখাৰ আতিথ্যত আৰু লাটিমা গাঁওবাসীৰ সহযোগত অনুষ্ঠিত এই অধিৱেশনৰ প্ৰথম দিনা পৰিবেশ নিকাকৰণ, প্ৰাতঃ প্ৰসঙ্গ, গছপুলি ৰোপণ, মূখ্যদ্বাৰ উন্মোচন, মহিলাৰ নাম, মধুসুদন প্ৰাথমিক শাখাৰ বাৰ্ষিক প্ৰতিনিধি সভাৰ পিছত সন্ধিয়া প্ৰতিনিধি শিৱিৰৰ দ্বাৰ উন্মোচন আৰু প্ৰতিনিধি সভা অনুষ্ঠিত হয় |
পিছদিনা বিভিন্ন কাৰ্যসূচীৰ পিছত ধৰ্মধ্বজা উত্তোলন কৰে আঞ্চলিকৰ নৱ নিৰ্বাচিত সভাপতি নিৰঞ্জন বৰ্মনে | ভাগৱত সহ শোভাযাত্ৰা অনুষ্ঠান উদ্বোধন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰক মণিৰাম দাসে | ইয়াৰ পিছত ভাগৱত পাঠ আৰু ৰাতিপুৱা ১১-০০ বজাত আঞ্চলিকৰ সভাপতি নিৰঞ্জন বৰ্মনৰ সভাপতিত্বত মুকলি অধিৱেশন অনুষ্ঠিত হয় | সভাত সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে পূৱ নলবাৰী আঞ্চলিকৰ সম্পাদক কাৰ্ত্তিক মল্ল বৰুৱাই |
এই অধিৱেশনত সঙ্ঘৰ নলবাৰী জিলা শাখাৰ সম্পাদক কৰ্ণধৰ বৰ্মন, সংস্কৃতি শাখাৰ সদস্য মৃগেন কলিতাৰ লগতে আন কে’বাগৰাকী বক্তাই ভাষণ প্ৰদান কৰে | সভাত কেইবাজনো জিলা সদস্য আৰু আন আন বিষয়ববীয়া উপস্থিত থাকে | সন্ধিয়া ধৰ্মধ্বজা অৱতৰণ আৰু নাগাৰা নাম প্ৰদৰ্শনৰে কাৰ্যসূচীৰ সামৰণি কৰে বুলি জনাইছে পূৱ নলবাৰী আঞ্চলিক শাখাৰ সহকাৰী সম্পাদক কেশৱ কলিতাই |