Abvp:
আন্তঃ ৰাজ্য ছাত্ৰ জীৱন দৰ্শন (ছীল)ৰ দ্বাৰা আয়োজিত “ৰাষ্ট্ৰীয় একাত্মতা যাত্ৰা- ২০২৫”ৰ অধিনত পূৰ্বাঞ্চলৰ ২৪০ গৰাকী ছাত্র-ছাত্ৰী ২০ টাকৈ দিন ভাৰতৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰিব। এই যাত্ৰাৰ সময়ত সমগ্ৰ ভাৰতৰ বিভিন্ন স্থানত স্থানীয় ছাত্র-ছাত্ৰী আৰু নাগৰিকসকলে পৰম্পৰাগত ভাৱে উত্তৰ -পূব ভাৰতৰ ছাত্ৰ- ছাত্ৰী সকলক বিপুল আদৰণি জনায়।
বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তা সকলে পূৰ্বাঞ্চলৰ ছাত্ৰ- ছাত্ৰী সকলক পুষ্পবৰ্ষা আৰু ভাৰত মাতাৰ জয়, বন্দে মাতৰম, ভিন্ন ভাষা, ভিন্ন বস্ত্ৰ, তথাপি আমাৰ এক দেশ – বাৰাণসী হওক গুৱাহাটী, আমাৰ দেশ আমাৰ মাটি আদি শ্ল’গানেৰে মুখৰিত কৰি তুলিছিল। এই যাত্ৰাৰ অধিনত ছাত্ৰ-ছাত্ৰীসকলক বৰ্তমানলৈ পাটনা, লক্ষ্ণৌ, ভূৱনেশ্বৰ, গোৰক্ষপুৰ আৰু কানপুৰ ৰে’লৱে ষ্টেচনত ঐতিহাসিক স্বাগতম কৰা হয়।
ৰাষ্ট্ৰীয় একাত্মতা যাত্ৰা ২০২৫ৰ সংযোজক তথা এবিভিপি মণিপুৰৰ সংগঠনিক সম্পাদক ভাগৱত সিং ৰাজাৱতে জনাই যে পূৰ্বাঞ্চলৰ ৬৪ খন জিলাৰ ৮২ স্থানৰ ৭৯ খন শিক্ষা প্ৰতিষ্ঠানৰ ৬৮ টি জনজাতিৰ ১১৭ গৰাকী ছাত্র আৰু ৯৭ গৰাকী ছাত্ৰীৰ লগতে ১৬ গোট প্ৰমূখ আৰু সহঃ প্ৰমূখ সহ ১০ গৰাকী পূৰ্বাঞ্চলৰ প্ৰৱাসী কাৰ্যকৰ্তা এই যাত্ৰাত অংশগ্ৰহণ কৰিছে।
এই আটাইকেইটা দল পূৰ্বাঞ্চলৰ মহান সংগ্রামীৰ নামৰে নামাকৰণ কৰা হৈছে যাতে পূৰ্বাঞ্চলৰ অজ্ঞাত সেনানী সকলৰ বিষয়ে সমগ্ৰ দেশৰ লোকসকলে জানিব পাৰে। এই দল সমূহত পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠান, কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু আন বিশেষ শৈক্ষিক প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলকো অন্তৰ্ভুক্ত কৰা হৈছে। এই ছাত্ৰ-ছাত্ৰীসকলক দেশৰ বিভিন্ন ৰাজ্যৰ ঐতিহাসিক স্থানসমূহ, শৈক্ষিক প্ৰতিষ্ঠানসমূহ, বৈজ্ঞানিক প্ৰতিষ্ঠানসমূহ আৰু পৰ্যটক স্থানসমূহত ভ্ৰমণ কৰোৱাৰ লগতে প্ৰত্যেক স্থানতেই স্থানীয় লোকৰ ঘৰত বাস কৰি সেই স্থানৰ সংস্কৃতি আৰু পৰম্পৰা বিষয়ে অভিজ্ঞতা গ্ৰহণ কৰাৰ ব্যৱস্থা কৰা হৈছে।