Mahakumbh: মহাকুম্ভ মেলালৈ যোৱাৰ পথত অগ্নিকাণ্ড !
উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলালৈ যোৱাৰ পথত সংঘটিত হৈছে অগ্নিকাণ্ড।
শনিবাৰে পুৱা পথৰ দাঁতিত ৰখাই থোৱা এখন গাড়ীত জুই লাগে । তথ্য লাভ কৰাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় ছয়খন অগ্নিনিৰ্বাপক বাহিনীৰ লগতে আৰক্ষীৰ বাহন ।
সংবাদ সংস্থা পিটিআইৰ তথ্য অনুসৰি মহাকুম্ভলৈ যাবলৈ চিহ্নিত পথৰ কাষত চাৰিচকীয়া বাহন ৰখাই থোৱা হৈছে । শনিবাৰে পুৱাই তাত হঠাতে অগ্নিকাণ্ড সংঘটিত হয়।
কেইবা মুহূৰ্তৰ চেষ্টাৰ অন্তত নিয়ন্ত্ৰণলৈ অনা হয় জুই। কেবা মিনিটৰ পাছত জুই নিয়ন্ত্ৰণলৈ অনা হৈছে । অগ্নি নিৰ্বাপক বিষয়া বিশাল যাদৱে পিটিআইক কয়, “আমি পুৱা প্ৰায় ছয় বাজি ৩০ মিনিটত অগ্নিকাণ্ডৰ বিষয়ে তথ্য পাইছিলো। এখন মাৰুতি গাড়ীত জুই লাগে। তাৰ পৰা, জুই কাষৰ অন্য গাড়ীলৈ বিয়পি পৰিল। আমি ঘটনাস্থলীলৈ ছয়টা ইঞ্জিন পঠিয়াইছো। জুই সোনকালে নিয়ন্ত্ৰণলৈ অনা হৈছে। এই অগ্নিকাণ্ডত কোনো লোকৰ ক্ষতি হোৱা নাই। ”
যদিও কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই, মহাকুম্ভৰ ওচৰত সংঘটিত অগ্নিকাণ্ডই অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে।
ক’লা ধোঁৱাই আকাশখন চানি ধৰে । অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। অগ্নি নিৰ্বাপক বিভাগে বিষয়টো তদন্ত কৰি আছে। ১৯ জানুৱাৰীত কুম্ভ মেলাত জুই লাগিছিল।
মহাকুম্ভ উপলক্ষে লাখ লাখ ভক্তই প্ৰয়াগৰাজত ভিৰ কৰে । প্ৰশাসনে বিশাল মেলাক্ষেত্ৰখনক কে’বাটাও অঞ্চলত বিভক্ত কৰি নিৰীক্ষণ কৰি আছে। জৰুৰী কালীন পৰিস্থিতিৰ বাবেও প্ৰয়োজনীয় ব্যৱস্থা কৰা হৈছে। আৰক্ষীৰ স’তে, অগ্নিনিৰ্বাপক বাহিনীসকলো সময়তে নিয়োজিত থাকে।
ইয়াৰ মাজতে, এই জুইয়ে কুম্ভ মেলাৰ নিৰাপত্তা ব্যৱস্থাক লৈ বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰিছে।