Airfare to Prayagraj is Rs 50 thousands:প্ৰয়াগৰাজৰ বিমান ভাড়া ৫০ হেজাৰ !

মৌনি অমৱস্যা'ৰ পূৰ্বে বিপদত তীৰ্থযাত্ৰীসকল

Airfare to Prayagraj is Rs 50 thousands:

প্ৰচণ্ড শীতকো আওকাণ কৰি মহাকুম্ভত বৃদ্ধি পাইছে ভক্তৰ সংখ্যা। গংগা, যমুনা, আৰু অন্থছালিলা সৰস্বতীৰ এই তিনিখন নদীৰ সংগমস্থলীত ডুব দিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ লোক প্ৰয়াগৰাজত আহি উপস্থিত হয়।

ADVERTISEMENT

সন্মুখত আহি আছে ‘মৌনি আমাৱস্যা’। সেইদিনা পানীত ডুব দিবলৈ বৃহৎ সংখ্যক লোক একত্ৰিত হ’ব বুলি দাবী স্থানীয় প্ৰশাসনৰ । বহুলোকে বিমানেৰে প্ৰয়াগৰাজলৈ অহাৰ পৰিকল্পনা কৰিছে।

যাত্ৰীসকলে দাবী কৰে যে এয়াৰলাইনসমূহে বিমান ভাড়া দুগুণ বৃদ্ধি কৰিছে! এই কথা জানিবলৈ পাই বিমান নিয়ন্ত্ৰক ডিজিচিএয়ে ইয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

১৩ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে মহাকুম্ভ। প্ৰয়াগৰাজ প্ৰশাসনে দাবী কৰিছে যে এতিয়ালৈকে ১২ কোটিতকৈও অধিক লোকে মহাকুম্ভ ভ্ৰমণ কৰিছে। জানুৱাৰী ২৯ হৈছে ‘মৌনী অমাৱস্যা’। স্থানীয় প্ৰশাসনে দাবী কৰিছে যে সেইদিনা মহাকুম্ভত বহুলোক একত্ৰিত হ’ব।

বহুতে প্ৰয়াগৰাজলৈ বিমান লৈ যোৱাৰ পৰিকল্পনা কৰিছে। কিন্তু বিভিন্ন বিমান সেৱাৰ বিমান ভাড়াই তেওঁলোকক চিন্তিত কৰি তুলিছে।

স্কাইস্কেনাৰ নামৰ এটা ভ্ৰমণ পৰ্টেলৰ মতে, দিল্লী-প্ৰয়াগৰাজ বিমানৰ ভাড়া দ্ৰুতগতিত বৃদ্ধি পাইছে। সোমবাৰে পুৱালৈকে এই পথৰ একমুখী বিমান ভাড়া আছিল ২১ হাজাৰৰো অধিক। মুম্বাইৰ পৰা প্ৰয়াগৰাজলৈ বিমানৰ টিকটৰ মূল্য ২২ হে পৰা ৬০ হেজাৰ।

বাংগালুৰুৰ পৰা প্ৰয়াগৰাজলৈ অহা বিমান যাত্ৰীয়ে দিব লাগিব ২৬ হেজাৰৰ পৰা ৪৮ হেজাৰ টকা!

কেৱল মহাকুম্ভেই নহয়, উৎসৱৰ বতৰত যিকোনো সময়তে বিমান ভাড়া দ্ৰুত গতিত বৃদ্ধি হয়। যিটো যাত্ৰীসকলৰ বাবে এটা সমস্যা হৈ পৰিছে ।

সংসদীয় পেনেলে বিমান ভাড়াৰ হঠাৎ বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দেশনা প্ৰস্তুত কৰাৰ প্ৰস্তাৱও আগবঢ়াই। মহাকুম্ভৰ বিমান ভাড়া বৃদ্ধিৰ বাবে DGCA-এ পদক্ষেপ গ্ৰহণ কৰিছে। দেশৰ সকলো বিমান সংস্থাক ভাড়া নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দেশ দিছে। চাহিদা পূৰণৰ বাবে প্ৰয়াগৰাজত বিমানৰ সংখ্যা বৃদ্ধিৰ বাবেও অনুমোদন জনাইছে ডিজিচিএই। জানুৱাৰী মাহত প্ৰয়াগৰাজত ৮১খন অতিৰিক্ত বিমান সেৱা চলি আছে।

Exit mobile version