Kaliabor Incident:
অৱশেষত উদ্ধাৰ হ’ল কালি সন্ধিয়াৰে পৰা কলিয়াবৰৰ হাতীমূৰাত বাইকসহ পানীত পৰি নিখোজ হৈ থকা অজয় সিং নামৰ লোকজনৰ মৃতদেহ। কালি সন্ধিয়া হাতীমূৰাৰ পৰা জখলাবন্ধা দিশে আহি থাকোতেই বানে চিঙা মথাউৰিৰ অংশত সৃষ্টি হোৱা দ খাৱৈত বাইকসহ সোমাই পৰিছিল যুৱকজন।
নিশাই স্থানীয় লোকৰ সহযোগত আৰক্ষী আৰু আপাতকালীন বিভাগৰ লোকে বাইকখন দ পানীৰ পৰা উদ্ধাৰ কৰিছিল যদিও নিখোজ হৈ আছিল জখলাবন্ধাৰ ৰাঙলুৰ অজয় সিং নামৰ বাইক আৰোহীজন।
গণৰাজ্য দিৱসৰ আনন্দৰ মাজতে কলিয়াবৰৰ হাতীমূৰাত ভাতৃৰ জন্মদিনৰ বনভোজ খাই গৃহাভিমুখে গৈ থাকোতেই সংঘটিত হৈছিল এই দুৰ্ঘটনা। এ-এছ-০২- এ আৰ- ৪৯৬৯ নম্বৰৰ টিভিএছ বাইকসহ মথাউৰিৰ চিঙা অংশত দ পানীত সোমাই পৰিছিল যুৱকজন। সোমবাৰে পুৱা ১০-৩০ বজাৰ পৰা এছডিআৰএফৰ দলে অভিযান চলাই দুঘণ্টাৰ অন্তত পানীৰ পৰা যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে, বিগত বৰ্ষৰ ২ জুলাইত হাতীমূৰাত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী বিচিন্ন কৰিছিল শ্লুইছগেট সংযোগী মথাউৰি পথটোৰ এচোৱা। ইয়াৰ পিছত মথাউৰিৰ চিঙা অংশৰ সন্মুখত এটা বান্ধ দি বান প্ৰতিৰোধ কৰা হৈছিল যদিও পথ হিচাপে ব্যৱহাৰ কৰা মথাউৰিটোৰ বানে চিঙা অংশ উন্মুক্ত অৱস্থাত আছিল।
জলসম্পদ বিভাগে মথাউৰিৰ চিঙা অংশত কোনোধৰণৰ বেৰিকেডৰ ব্যৱস্থা নকৰাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে নিহত লোকজনৰ পৰিয়ালৰ লোকৰ লগতে স্থানীয় লোকসকলেও। এছডিআৰএফৰ দুঘণ্টাজোৰা অভিযানৰ অন্তত উদ্ধাৰ হোৱা অজয় সিঙৰ মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰক্ষীয়ে।