Man-eater’ tiger ৱায়ানাডৰ মানুহ ভক্ষণকাৰীৰ ৰহস্য মৃত্যু

বিগত কে'বাদিনো ধৰি কেৰালাত আতংকৰ সৃষ্টি কৰি আহিছিল এটা বাঘে । সোমবাৰে পুৱতি নিশা পিলাকাভু অঞ্চলৰ অৰণ্যৰ বাহিৰত এটা ঘৰৰ পিছফালে বাঘিনীটোৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰ হয়। বাঘিনীজনীৰ শৰীৰত পোৱা গৈছে গুৰুতৰ আঘাতৰ চিহ্ন

11 3

Wayanad: The carcass of a 'man-eater' tiger that killed a woman when she had gone to collect coffee beans in a forest-fringed estate two days ago, after it was found dead, in Kerala's high-range district of Wayanad, Monday, Jan. 27, 2025. (PTI Photo)(PTI01_27_2025_000028B)

Man-eater’ tiger ৱায়ানাডৰ মানুহ ভক্ষণকাৰীৰ ৰহস্য মৃত্যু, অৰণ্যৰ বাহিৰত উদ্ধাৰ বাঘিনীৰ ক্ষতবিক্ষত দেহ

ৰহস্যজনক মৃত্যু ৱায়ানাডৰ বিভীষিকাৰ। বিগত কে’বাদিনো ধৰি কেৰালাত আতংকৰ সৃষ্টি কৰি আহিছিল এটা বাঘে । সোমবাৰে পুৱতি নিশা পিলাকাভু অঞ্চলৰ অৰণ্যৰ বাহিৰত এটা ঘৰৰ পিছফালে বাঘিনীটোৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰ হয়। বাঘিনীজনীৰ শৰীৰত পোৱা গৈছে গুৰুতৰ আঘাতৰ চিহ্ন ।

কিছু সময়ৰ পৰা, বাঘৰ আতংকত জীৱনযাপন দুৰ্বিষহ হৈ পৰিছিল ৱায়ানাডৰ বাসিন্দাসকলৰ । যোৱা শুক্ৰবাৰে বাঘৰ আক্ৰমণত মৃত্যু হয় ভাৰতীয় ক্ৰিকেটাৰ মিন্নু মণিৰ আত্মীয় ।

ৱায়ানাডৰ সাংসদ প্ৰিয়ংকা গান্ধীয়েও ঘটনাটোত শোক প্ৰকাশ কৰে । বন বিভাগে বাঘিনীজনী ধৰিবলৈ চেষ্টা কৰি থকাৰ লগতে অঞ্চলটোত কাৰফিউ জাৰি কৰে।

অৱশ্যে বহু চেষ্টাৰ পাছতো বন বিভাগৰ বিষয়াসকলে মানুহ ভক্ষণ কৰা বাঘটো নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। অৱশেষত আজি বাঘিনীজনীৰ মৃতদেহ উদ্ধাৰ হয় ।

বন্যপ্ৰাণী চিকিৎসক অৰুণ জাকাৰিয়াই কয়, “মৃতদেহটো পৰীক্ষা কৰাৰ পাছত প্ৰথমতে গম পোৱা যায় যে বাঘনীৰ বয়স ৭ বছৰ।” ডিঙিৰ ওচৰত গুৰুতৰ আঘাতৰ চিন আছে। সেই ঘাঁৰ পৰা সংক্ৰমণ হৈ বাঘটোৰ মৃত্যু হৈছে । অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ পাছতহে মৃত্যুৰ প্ৰকৃত কাৰণ স্পষ্ট হ’ব।

Exit mobile version