Republic day Celebration In Dibrugarh:
গণতন্ত্ৰ দিৱসত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা । গণতন্ত্ৰ দিৱসৰ দিনা পূব অসমৰ ডিব্ৰুগড়ৰ পেৰেড গ্ৰাউণ্ডত পতাকা উত্তোলন কৰে মুখ্য মন্ত্ৰীগৰাকীয়ে । ইয়াৰ পাছতে তেওঁ ঘোষণা কৰে যে অদূৰ ভৱিষ্যতে ডিব্ৰুগড় হ’ব অসমৰ দ্বিতীয় ৰাজধানী।
সেই উদ্দেশ্যে দেওবাৰৰ দিনটো আছিল এক গুৰুত্বপূৰ্ণ দিন। কাৰণ এইবাৰ প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত ৰাজ্যিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
গণতন্ত্ৰ দিৱসৰ আনুষ্ঠানিকতাৰ পাছত, মুখ্যমন্ত্ৰীগৰাকীয়ে জনাই যে ,ডিব্ৰুগড়ত নিৰ্মাণ কৰা হ’ব অসম বিধান সভা ভৱন । ২০২৭ চনৰ পৰা প্ৰতি বছৰে ডিব্ৰুগড়ত অসম বিধান সভাৰ এখন অধিৱেশন অনুষ্ঠিত হ’ব।
তেওঁ কয়,” অহা বছৰৰ ২৫জানুৱাৰীৰ পৰা ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অসম বিধানসভাৰ স্থায়ী ভৱনৰ নিৰ্মাণ কাম আৰম্ভ হ’ব। তিনি বছৰৰ ভিতৰত, ডিব্ৰুগড় ভাৰতৰ এক গুৰুত্বপূৰ্ণ চহৰলৈ পৰিণত হ’ব। ইয়াৰ পাছতে অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা হ’ব।
ডিব্ৰুগড়ৰৰ লগতে তেজপুৰ আৰু শিলচৰকো উন্নত কৰা হ’ব বুলি জনাই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয়,”আমি তেজপুৰত এটা ৰাজভৱন নিৰ্মাণ কৰিম। এই চহৰখনক অসমৰ সাংস্কৃতিক ৰাজধানী হিচাপে গঢ়ি তুলিম । শিলচৰত এখন সচিবালয় আৰু মুখ্য সচিবৰ কাৰ্যালয় থাকিব। ” ইয়াৰ দ্বাৰা বৰাক উপত্যকা আৰু গুৱাহাটীৰ মাজৰ ব্যৱধান দূৰ হ’ব বুলি দাবী মুখ্যমন্ত্ৰী গৰাকীৰৰ ।