Kaliabor:
মৌনী অমাৱস্যা তিথিত মহাকালীৰ মহাযজ্ঞৰে জখলবন্ধাবাসীৰ প্ৰাৰ্থনা | কলিয়াবৰ তিনিআলিৰ পৰা চাৰিলেন ঘাইপথ বাইপাছ কৰিব বিচৰাসকল নিপাত যাওক। আবেদন-নিবেদন, প্ৰতিবাদৰে গা লৰা নাই চৰকাৰৰ। সেই বাবেই কলিয়াবৰ তিনিআলিৰ পৰা জখলাবন্ধাৰ মাজেৰে চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণৰ বাঞ্চাৰে এইবাৰ মহাকালীৰ মহাযজ্ঞৰ আয়োজন কৰিলে জখলাবন্ধাবাসী ৰাইজে।
কলিয়াবৰবাসী ৰাইজৰ ভৱিষ্যত নিৰাপত্তা আৰু জীৱন-জীৱিকাৰ সুৰক্ষা কামনাৰে প্ৰস্তাৱিত চাৰিলেনযুক্ত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথটো কুঁৱৰীটোল, হাটবৰ আৰু জখলাবন্ধাৰ মাজেৰে নিৰ্মাণৰ বাঞ্চা কৰি জখলাবন্ধা ৰে’লগেটৰ কালি মন্দিৰত বুধবাৰে পুৱাৰে পৰা আয়োজন কৰা হয় মা-কালীৰ পূজা-অৰ্চনাৰ লগতে মহাযজ্ঞৰ।
ৰাজ্য চৰকাৰৰ বৰমূৰীয়া সকলৰ সুমতি বিচৰাৰ লগতে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ বাইপাছ কৰিব বিচৰাসকল নিপাত যোৱাৰ কামনাৰে যজ্ঞাহুতি দিলে ১১ গৰাকীকৈ পুৰোহিতে।