Mahakumbh Fire:
মহাকুম্ভত পুনৰ অঘটন । পদপিষ্ট ঘটনাৰ এদিনৰ পাছতে এইবাৰ, সংঘটিত হয় অগ্নিকাণ্ড । তথ্য অনুসৰি ঘটনাস্থলিত কেবাটাও তম্বু জ্বলে। খবৰ পোৱাৰ পাছতে অগ্নি নিৰ্বাপক বাহিনীৰ লগতে প্ৰশাসনিক বিষয়াসকলো ঘটনাস্থলীত আহি উপস্থিত হয়। দুৰ্ঘটনাৰ সময়ত তম্বুত কোনো লোক নথকাৰ বাবে সৌভাগ্য ক্ৰমে কোনো লোকৰ প্ৰাণহানি হোৱা নাই।
অৱশ্যে অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ইয়াৰ পূৰ্বে ১৯ জানুৱাৰীত কুম্ভ মেলাৰ চেক্টৰ ১৯ ত জুই লাগে ।
প্ৰায় ১৮০ টা তম্বু জ্বলি ছাই হয় । স্থানীয় সূত্ৰ অনুসৰি, বৃহস্পতিবাৰে আবেলি কুম্ভ মেলাৰ চেক্টৰ ২২ ৰ এটা তম্বুত জুই লাগে। তাৰ পৰা জুই বিয়পি পৰে ।
খবৰ অনুসৰি জুনা আখাৰাৰ প্ৰায় ১৫ টা তম্বু জ্বলি ভস্মীভূত হয়। অগ্নিনিৰ্বাপক বাহিনীয়ে সংবাদ সংস্থা এএনআইক জনাই যে ৰাস্তাৰ অভাৱৰ বাবে তেওঁলোকে ঘটনাস্থলীত উপস্থিত হোৱাত অসুবিধাৰ সন্মুখীন হয়।
বুধবাৰে কুম্ভত সংঘটিত এক পদপিষ্টত কমেও ৩০ জন লোক নিহত হয় । মৌনী অমাৱস্যা উপলক্ষে কুম্ভ মেলাত ‘ পবিত্ৰ স্নান’ৰ বাবে মঙলবাৰে নিশাৰ পৰা ভিৰ বাঢ়িবলৈ আৰম্ভ কৰে । তাৰ পাছতে সংঘটিত হয় পদপিষ্টৰ ধৰে ভয়ংকৰ ঘটনা ।
কুম্ভমেলাত বাৰে বাৰে হোৱা এই ঘটনাৰ বাবে প্ৰশ্নৰ আওতালৈ আহিছে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰ । প্ৰশাসনৰ তথ্য অনুসৰি নিৰাপত্তাজনিত কাৰণত কুম্ভমেলাত ৫০টা অগ্নিনিৰ্বাপক কেন্দ্ৰ আছে।