Plane Crash in South Sudan:
আফ্ৰিকাৰ দক্ষিণ চুডানৰ বিমানবন্দৰত দুৰ্ঘটনাগ্ৰস্ত হয় এখন যাত্ৰীবাহী বিমান। বুধবাৰে ২১ জন যাত্ৰী আৰু কৰ্মচাৰীৰ স’তে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় । এজনৰ বাহিৰে সকলো নিহত হয়। ৰাষ্ট্রপুঞ্জৰ ‘মিশন ইন দক্ষিণ চুদান’ (ইউএনএমআইএচএচ) জনাইছে, ইউনিটি প্রদেশৰ এটা তৈলক্ষেত্রৰ ৰাণৱেৰ পৰা ৰাজধানী জুবালৈ উৰা কৰাৰ সময়তে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।
বিবিচিয়ে জনোৱা অনুসৰি মৃতসকলৰ ভিতৰত এজন ভাৰতীয় নাগৰিকও আছে। এএফপিৰ বাতৰি অনুসৰি স্থানীয় সময় অনুসৰি নিশা প্ৰায় ১০:৩০ বজাত বিমানখন বিমানবন্দৰৰ পৰা প্ৰায় ৫০০ মিটাৰ দূৰত দুৰ্ঘটনাগ্ৰস্ত হয়। দক্ষিণ চুদান চৰকাৰে জনাইছে যে পাইলট আৰু সহ-পাইলটও দুৰ্ঘটনাটোত নিহত হয়। বাকী সকলো তেল ক্ষেত্ৰৰ কৰ্মচাৰী।
বিগত কিছু বছৰত যুদ্ধবিধ্বস্ত দক্ষিণ চুডানত কেবাখনো বিমান দুৰ্ঘটনাত সংঘটিত হৈছে। ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত জুবাৰ পৰা এৰ’ল চহৰলৈ যোৱা এখন যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ১৯ জন লোকৰ মৃত্যু হয়।২০১৫ চনত জুবা বিমানবন্দৰৰ পৰা উৰা মাৰি বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ পাইলট আৰু ক্ৰু নিহত হয়।
আনহাতে শোকাৱহ বিমান দুৰ্ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকে ভাৰতীয় বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে দক্ষিণ চুডানস্থ ভাৰতীয় উচ্চায়ুক্তৰে স’তে টেলিফোনিত বাৰ্তালাপ কৰে ৷ একেদৰে যিজন ভাৰতীয় নাগৰিক নিহত হৈছে ৷ তেওঁৰ পৰিয়ালক সকলো প্ৰকাৰৰ সহায় আগবঢ়াবলৈ ভাৰতীয় দূতাবাসক নিৰ্দেশ দিয়ে বৈদেশিক মন্ত্ৰী গৰাকীয়ে ৷