Trump angry over Washington plane crash:
হোৱাইট হাউছৰ পৰা মাত্ৰ পাঁচ কিলোমিটাৰ দূৰত্বত সংঘটিত হয় এক বৃহৎ বিমান দুৰ্ঘটনা। আকাশৰ মাজতে এখন যাত্ৰীবাহী বিমানৰ স’তে এখন আমেৰিকান সামৰিক চপাৰ সংঘৰ্ষত ১৮ জন লোকৰ মৃত্যু হয়। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে । আহত বহুতো। এই ঘটনাক ক্ষুব্ধ হৈ পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প।
তেওঁ দাবী কৰে যে এই দুৰ্ঘটনাটো সহজেই এৰাই চলিব পৰা গ’লহেঁতেন। ট্ৰাম্পে এই ঘটনাৰ বাবে সেনাৰ চপাৰখনক দোষাৰোপ কৰে । উল্লেখ্য যে ,সেনাৰ কণ্ট্ৰল টাৱাৰৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰে ট্ৰাম্পে। ৱাশ্বিংটনৰ ৰোনাল্ড ৰেগান বিমানবন্দৰত অৱতৰণ কৰোঁতে আমেৰিকান এয়াৰলাইনছৰ এখন বিমান ৫৩৪২ এখন হেলিকপ্টাৰৰ স’তে সংঘৰ্ষ হৈছে ।
হেলিকপ্টাৰৰ স’তে বিমানখন পোটোমাক নদীত দুৰ্ঘটনাগ্ৰস্ত হয়। সেনাৰ হেলিকপ্টাৰখন বিপৰীত দিশৰ পৰা একে উচ্চতালৈ অহাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ ধাৰণা কৰা হৈছে ।
উদ্ধাৰ অভিযান চলি আছে। ট্ৰাম্পে ছ’চিয়েল মিডিয়াত লিখিছে ,”বিমানখন সঠিক শাৰীত আছিল। কিন্তু হেলিকপ্টাৰখন পোনে পোনে বিমানখনৰ ফালে আগবাঢ়িছিল। ৰাতিৰ আকাশ যথেষ্ট পৰিষ্কাৰ আছিল। বিমানত লাইট জ্বলিছিল । হেলিকপ্টাৰখন ওপৰলৈ যাব পাৰিলেহেঁতেন, নাইবা নামিব পাৰিলেহেঁতেন অথবা বিপৰীত দিশত ঘূৰিব পাৰিলেহেঁতেনকিন্তু কিয় তেনে কৰা নাছিল? এই সন্দৰ্ভত কণ্ট্ৰল টাৱাৰৰ পৰা কপ্টাৰক এই সন্দৰ্ভত কিয় সঠিক নিৰ্দেশনা দিয়া নহ’ল?”
ছ’চিয়েল মিডিয়াত এই কথা প্ৰকাশ কৰাৰ পিছতো ট্ৰাম্পে এই আনুষ্ঠানিক বক্তব্যক লৈ ক্ষোভ প্ৰকাশ কৰা নাই । এই দুৰ্ঘটনাক তেওঁ ‘ভয়ংকৰ দুৰ্যোগ’ বুলি উল্লেখ কৰে। তেওঁ আমেৰিকাৰ জৰুৰীকালীন সেৱাৰ কৰ্মীসকলৰ ওপৰত প্ৰশংসাই উপচাই দিয়ে । জনাইছে, তেওঁ পৰিস্থিতি নিৰীক্ষণ কৰি আছে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীৰ মতে, হেলিকপ্টাৰখনত তিনিজন লোক আছিল, যাৰ ভিতৰত পাইলটও আছিল। তেওঁলোকৰ প্ৰশিক্ষণ চলি আছিল। এতিয়ালৈকে কোনো মৃতদেহ উদ্ধাৰ কৰা হোৱা নাই। এফবিআইয়ে দুৰ্ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।