Court removed Pranab Narayan Deb from the post of president of Koch Rajbongshi Sanmilan: সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সভাপতিপদৰ পৰা প্ৰণৱ নাৰায়ণ দেৱক অপসাৰণ ন্যায়ালয়ৰ

pranab narayan

Court removed Pranab Narayan Deb from the post of president of All Assam Koch -Rajbongshi Sanmiloni:

সদৌ অসম কোচ-ৰাজবংশী সম্মিলনীৰ ভেৰগাঁও, টংলাত অনুষ্ঠিত ৩০ সংখ্যক দ্বিবার্ষিক অধিবেশনৰ অসংবিধানিক প্রক্রিয়াৰ ওপৰত সম্মিলনীৰ অন্তৰ্গত পাঁচখন বিভিন্ন জিলা কমিটীৰ ১১ জন প্রতিনিধিয়ে মুন্সিফ দুই নম্বৰ, কামৰূপ (নগৰ) গুৱাহাটী ন্যায়ালয়ত এক গোচৰ নম্বৰ Misc (J)৫৫/২০২২ in T.S.N০৫৭/২০২২ তৰে। গোচক নম্বৰ Misc (J) ৫৫/২০২২ ওপৰত ন্যায়ালয়ে দুয়ো পক্ষৰ বক্তব্য শুনা আৰু দাখিল কৰা সকলো নথিপত্ৰ পৰীক্ষা-নিৰীক্ষা কৰাৰ অন্তত এক গুৰুত্বপূৰ্ণ ৰায় প্রদান কৰে।

সদৌ অসম কোচ-ৰাজবংশী সম্মিলনীৰ সংবিধানৰ দফা নম্বৰ ২৯ (ক) আৰু (খ) উংলঘা কৰি তথাকথিত নির্বাচন প্রক্রিয়াৰ জৰিয়তে প্ৰণৱ নাৰায়ণ দেৱৰ সভাপতি ‘পদত অধিষ্ঠিত হোৱা সন্দৰ্ভত ইং ২৪/০১/২০২৫ত দুয়ো পক্ষৰ শুনানি গ্ৰহণৰ অন্তত এক ৰায়ৰ জৰিয়তে দেৱক সম্মিলনীৰ সভাপতি পদত থাকি কোনো ধৰণৰ কাৰ্যক্ৰমণিকা নকৰাৰ লগতে সভাপতি হিচাপে কোনো কার্যনির্বাহ নকৰিবলৈ নির্দেশ জাৰি কৰে নতুবা T.S.No57/2022 গোচৰৰ নিষ্পত্তি নোহোবা পর্যন্ত উল্লিখিত পদত কাৰ্যনিৰ্বাহ কৰিব নোৱাৰিব ৷

উক্ত গোচৰৰ ৰায়ত পুনৰবাৰ উল্লেখ কৰে যে দৈনন্দিন সম্মিলনীৰ কাম-কাজ চলোৱাৰ বাবে ৰাজ্যিক কার্যনির্বাহক কমিটিয়ে অস্থায়ীভাবে ভাৰপ্রাপ্ত সভাপতি এজন সম্মিলনীৰ সাংবিধানিক প্রক্রিয়াৰে নিয়োগ কৰি এজন নৱনিৰ্বাচিত পূৰ্ণ পৰ্যায়ৰ সভাপতি নির্বাচন নোহোৱা পর্যন্ত অথবা T.S.No৫৭:২০২২ গোচৰ নিষ্পত্তি নোহোৱা পর্যন্তৰ নির্দেশে জাৰি কৰে।

সম্মিলনীৰ সংবিধানৰ দফা নম্বৰ ২৯ (ক)ৰ মতে সম্মিলনীৰ কোনো ব্যক্তি-সদস্য কোনো ৰাজনৈতিক দলৰ সদস্য হ’ব নোৱাৰিব। এই ক্ষেত্ৰত ন্যায়ালয়ে দেৱৰ বিজেপিৰ সক্রিয় সদস্য পদ গ্রহণৰ তথ্য-প্রমাণ পোৱাৰ ওপৰত আৰু দফা নম্বৰ ২৯ (ক) মতে দেবে সম্মিলনীৰ লগত জড়িত হোৱাৰ ১০ বছৰ সম্পূৰ্ণ নকৰাৰ লগতে আৰু পাঁচ বছৰ সম্মিলনীৰ ৰাজ্যিক কমিটীৰ লগত জড়িত নথকাৰ নথি ভিত্তিক তথ্য-প্রমাণ পোৱাৰ পাছত উল্লেখিত ৰায়দান প্রক্ৰিয়াৰে গোচৰ নম্বৰ Misc (J) ৫৫/২০২২ৰ সমাপ্তি ঘটায় আৰু মোকদৰ্মাৰ ৰায় দুয়ো পক্ষকে জনোৱাৰ লগতে দেৱক ন্যায়ালয়ৰ নিদের্শনাক আখৰে আখৰে পালন কৰাৰ হুকুম জাৰি কৰে।

Exit mobile version