Guwahati Fire: মহানগৰীৰ গীতা মন্দিৰৰ সমীপত অঘটন

খাদ্য সামগ্ৰী কঢ়িওৱা বাহনত অগ্নিকাণ্ড, লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত

FIRE

Guwahati Fire:

মহানগৰীৰ গীতা নগৰৰ অন্তৰ্গত গীতা মন্দিৰৰ সমীপত অগ্নিকাণ্ড ৷ শণিবাৰে দুপৰীয়া ভাগত আকাশ ট্ৰেডিং কোম্পানীৰ খাদ্য সামগ্ৰী কঢ়িয়াই নিয়া এ এছ ২৫ চি চি ২২৪৫ নম্বৰৰ টাটা এ চি বাহন খন ফটাশিল আমবাৰীৰ পৰা নুনমাটী দিশে গৈ থকা পথত গীতা নগৰৰ গীতা মন্দিৰ সমীপত হঠাতে বাহন খনৰ ইঞ্জিনত জুইৰ সুত্ৰপাত হয় ৷ পলকতে জুয়ে আগুৰি ধৰে বাহন খন ৷ ফলত লক্ষাধিক টকাৰ খাদ্য সামগ্ৰী জুইত জাহ যায়।

অগ্নিকাণ্ডত বাহন খনৰো বিস্তৰ ক্ষতিসাধন হয় ৷ আনহাতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ পিছত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

Exit mobile version