Union Budget 2025 Updates: এঘণ্টা ১৬ মিনিটত ভাষণ শেষ, কি কি ঘোষণা নির্মলাৰ ?
অসাধাৰণ বাজেট উপস্থাপন কৰাৰ বাবে নিৰ্মলা সীতাৰমণক প্ৰশংসাই উপচাই পেলাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াইওয়ে কেন্দ্ৰীয় বাজেটক আদৰণি জনায় ।
এক ঘণ্টা ১৬ মিনিটত তেওঁ ভাষণ শেষ কৰে ।জ্যেষ্ঠ নাগৰিকৰ বাবে টিডিএছ কৰ কৰ্তন ৫০ হেজাৰ টকাৰ পৰা এক লাখ টকালৈ বৃদ্ধি। ঘৰৰ ভাড়াত টিডিএছ কৰ্তন (থ্ৰেছহোল্ড) চাৰি লাখৰ পৰা ছয় লাখ টকালৈ বৃদ্ধি। টিচিএছ সাত লাখৰ পৰা ১০ লাখলৈ বৃদ্ধি। আয়কৰ ৰিটাৰ্ণৰ সময়ো বৃদ্ধি পালে। আয়কৰ ৰেহাই ঘোষণা কৰাৰ পূৰ্বে বিত্তমন্ত্ৰীগৰাকীয়ে তেলেগু কবিতা আবৃত্তি কৰে।
৩৬ টা জীৱন ৰক্ষাকাৰী ঔষধৰ ওপৰত সম্পূৰ্ণ শুল্ক ৰেহাই। ছয়টা জীৱনদায়িনী ঔষধৰ শুল্ক পাঁচ শতাংশ হ্ৰাস কৰা হৈছে। ফলস্বৰূপে, জীৱনদায়িনী ঔষধৰ মূল্য হ্ৰাস হ’ব। চামৰাৰ সামগ্ৰী, ম’বাইল যন্ত্ৰাংশ, টিভি আৰু সামুদ্ৰিক খাদ্যৰ ওপৰত শুল্কও হ্ৰাস কৰা হৈছে। বৈদ্যুতিক বেটাৰিৰ শুল্ক হ্ৰাস কৰি সস্তা হ’ব বৈদ্যুতিক গাড়ী।
দেশত তৈয়াৰী পোছাকৰ মূল্য হ্ৰাস হৈ সস্তা হ’ব ম’বাইলৰ দাম । শিক্ষাৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে ৫০০ কোটি টকা বিনিয়োগ। তিনিখন এআই এক্সেলেন্স চেন্টাৰ। তিনি বছৰৰ ভিতৰত সকলো জিলা চিকিৎসালয়ত কৰ্কট ৰোগৰ চিকিৎসা কেন্দ্ৰ। পাঁচ বছৰত চিকিৎসা মহাবিদ্যালয়ত ১০ হেজাৰ আসন বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি।
অসংগঠিত শ্ৰমিকসকলৰ বাবে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা। হকাৰসকলৰ বাবে ইউপিআই প্ৰযুক্তিৰ স’তে ক্ৰেডিট কাৰ্ড।
চৰকাৰী পৰ্টেলত বিভিন্ন বৃত্তিত নিয়োজিত প্ৰায় এক কোটি অস্থায়ী কৰ্মীৰ বাবে পৰিচয় পত্ৰৰ ব্যৱস্থা কৰা হ’ব। ইয়াক সামাজিক সুৰক্ষাৰ অধীনলৈ অনা হ’ব।
বাজেট ভাষণত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ডাঙৰ ঘোষণা। নতুন কৰ গাঁথনি অনুসৰি ১২ লাখ টকা পৰ্যন্ত সাধাৰণ আয়ৰ ওপৰত কোনো আয়কৰ প্ৰদান কৰা নহ’ব।
কিন্তু এই উপাৰ্জনত মূলধন লাভ হয়, তেন্তে ইয়াৰ ওপৰত কৰ আৰোপ হ’ব।
বাজেট ভাষণত নিৰ্মলা সীতাৰমণে কয় যে অহা সপ্তাহত কেন্দ্রই নতুন আয়কৰ আইনখন আনিব। আইনখনে ন্যায়সংহিতাৰ দৰে ‘ন্যায়’ৰ ওপৰতো গুৰুত্ব দিব।
দেশৰ সকলো চৰকাৰী বিদ্যালয়তে মাধ্যমিক পৰ্যায়ত ইণ্টাৰনেট ব্যৱস্থা প্ৰৱৰ্তন কৰিছে চৰকাৰে। বিদ্যালয়সমূহত ব্ৰডবেণ্ড সেৱা স্থাপন কৰা হ’ব।
ইয়াৰ জৰিয়তে, শিক্ষাৰ্থীসকলে বিদ্যালয়ত ইণ্টাৰনেট ব্যৱহাৰ কৰি অধ্যয়ন কৰিবলৈ সক্ষম হ’ব। ইয়াৰ উপৰিও, বিত্ত মন্ত্ৰীয়ে প্ৰযুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
তেওঁ কে’বাটাও আইআইটি (ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান)ত আসনৰ সংখ্যা বৃদ্ধি কৰাৰ কথাও কয়।
আইআইটিত আসনৰ সংখ্যা বৃদ্ধি সন্দৰ্ভত সীতাৰমণে কয় যে দেশৰ ২৩ খন আইআইটিত যোৱা ১০ বছৰত ১০০ শতাংশ আসন বৃদ্ধি কৰা হৈছে।
এই আই আইটিসমূহৰ আন্তঃগাঁথনিগত উন্নয়নতো চৰকাৰে গুৰুত্ব আৰোপ কৰিব। আন্তঃগাঁথনি উন্নয়নৰ বাবে ধন পৃথকে পৃথকে বিনিয়োগ কৰা হ’ব।
কেন্দ্ৰই অহা পাঁচ বছৰত চিকিৎসা মহাবিদ্যালয়সমূহত ৭৫ হেজাৰ আসন বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছে। ইয়াৰ উপৰিও, বিত্ত মন্ত্ৰীয়ে বিভিন্ন খণ্ডৰ ঠিকাভিত্তিক শ্ৰমিকসকলৰ বাবে পৃথক সামাজিক সুৰক্ষা আঁচনি ঘোষণা কৰিছে।
বাজেটত কৃষি, মহিলা আৰু যুৱক-যুৱতীক অধিক গুৰুত্ব দিয়া হ’ব। ভাষণৰ আৰম্ভণিতে কয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। কৃষিৰ স’তে বাজেট ভাষণো আৰম্ভ কৰে।
স্বাভাৱিকতে, প্ৰত্যাশা বৃদ্ধি পাইছে । হয়তো কৃষি খণ্ডত এটা ডাঙৰ ঘোষণা হ’ব। বিত্ত মন্ত্ৰীয়ে এটা ডাঙৰ ঘোষণা কৰিছে, কিন্তু ই সাধাৰণ কৃষকসকলৰ মুখত কিমান হাঁহি আনিব সেয়া সন্দেহজনক।
প্ৰধানমন্ত্ৰী ধনধান্য কৃষি যোজনা নিৰ্মলা সীতাৰমণৰ বাজেটত কৃষকসকলৰ বাবে আটাইতকৈ ডাঙৰ ঘোষণা। বিত্ত মন্ত্ৰীয়ে জনাই যে ১০০ খন জিলাৰ ১.৭ কোটি কৃষক এই আঁচনিৰ দ্বাৰা লাভান্বিত হ’ব।
কেন্দ্ৰই এই ১০০ খন জিলাত কৃষিৰ বিকাশৰ বাবে ৰাজ্য চৰকাৰৰ স’তে কাম কৰিব। সীতাৰমণে বৰ্ণনা কৰে যে এনে ধৰণৰ মুঠ ১০০ খন জিলা চিনাক্ত কৰা হ’ব য’ত উৎপাদনৰ হাৰ কম।
ইয়াৰ উপৰিও, কৃষি খণ্ডৰ অন্যান্য ঘোষণাত, কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে সৰ্বাধিক ঋণৰ সীমা তিনি লাখ টকাৰ পৰা পাঁচ লাখ টকালৈ বৃদ্ধি কৰা হৈছে।
দুগ্ধজাত আৰু মীন পালন উদ্যোগসমূহৰ বাবে পাঁচ লাখ টকালৈকে ঋণ দিয়া হ’ব। বিত্ত মন্ত্ৰীয়ে কপাহ খেতিয়কসকলৰ বাবে এটা পৃথক কপাহ উৎপাদন অভিযান আৰু মাছমৰীয়াসকলৰ বাবে এক বিশেষ অৰ্থনৈতিক ক্ষেত্ৰৰ কথাও ঘোষণা কৰে