লাওখোৱা-বুঢ়াচাপৰি অভয়াৰণ্যত ৪০ হেজাৰ চৰাইৰ সংখ্যা বৃদ্ধি

WhatsApp Image 2025 02 03 at 4.09.35 PM 1

লাওখোৱা-বুঢ়াচাপৰি অভয়াৰণ্যত ৪০ হেজাৰ চৰাইৰ সংখ্যা বৃদ্ধি

১২৪ টা প্ৰজাতিৰ এক লাখ ১২ হেজাৰ চৰাই-চিৰিকটি গণনাত পোৱা গৈছে

বিশ্ব আর্দ্রভূমি দিৱসত প্ৰকাশ গণনাৰ তথ্য

সমগ্ৰ বিশ্বৰ লগতে নগাঁও জিলাৰ লাওখোৱা-বুঢ়াচাপৰি অভয়াৰণ্যৰ উদ্যোগতো দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে বিশ্ব আর্দ্রভূমি দিৱস পালন কৰা হয়। উক্ত অনুষ্ঠানত শেহতীয়াকৈ সম্পন্ন হোৱা অভয়াৰণ্যৰ পক্ষী গণনাৰ তথ্য প্রকাশ কৰা হয়। সেই মতে অভয়াৰণ্যখনত ৪০ হেজাৰৰো অধিক পক্ষীৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে।

সেই উপলক্ষে অনুষ্ঠিত কাৰ্যসূচীত ব্যাঘ্র সংৰক্ষিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালিকা সোণালী ঘোষ অৰু তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, নগাঁও বন সংমণ্ডল বিষয়া ৰাজীৱ হাজৰিকাৰ উপস্থিতিত লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰ পার্শ্ববর্তী অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অভয়াৰণ্য দুখনৰ বিষয়ে ৰচনা প্রতিযোগিতাৰো অয়োজন কৰে।

উল্লেখ্য যে দুটাকৈ বিলুপ্তপ্ৰজাতিৰ শগুন আৰু বৰটোকোলা চৰাই মুকলিৰে আৰম্ভণি কৰা বিশ্ব আর্দ্রভূমি দিৱসত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালিকা সোণালী ঘোষে প্রকাশ কৰা মতে, ছবছৰ পূৰ্বৰ গণনাৰ সময়ত বিভিন্ন প্রজাতিৰ ৮০ হেজাৰ চৰাই গণনাত ধৰা পৰিছিল। কিন্তু এইবাৰৰ গণনাত তাৰ সংখ্যা বৃদ্ধি হৈ ১২৪টা প্ৰজাতিৰ এক লাখ ১২ হেজাৰ চৰাই-চিৰিকটি গণনাত পোৱা গৈছে।

ইফালে, দিৱসৰ স’তে সংগতি ৰাখি অনুষ্ঠিত কৰা প্রতিযোগিতাত অংশগ্ৰহণ কৰা আৰু সাফল্য লাভ কৰা ছাত্র-ছাত্রীক বিধায়ক পৃথ্বিৰাজ ৰাভাই মানপত্ৰ আৰু পুৰস্কাৰ বিতৰণ কৰি কয় যে ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে অভয়াৰণ্য দুখনৰ মহত্ত্ব আৰু গুৰুত্বৰ বিষয়ে অৱগত হোৱাৰ উপৰি বনাঞ্চল আৰু অভয়াৰণ্য সংৰক্ষিত ৰখাৰ বিষয়ে জানিব পাৰিছে।

বন বিভাগৰ তথ্য মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সকলোতকৈ বেছি পৰিভ্ৰমী চৰাই লাওখোৱা অভয়াৰণ্যৰ দন্দুৱা আৰু ৰৌমাৰী বিলত আগমন ঘটে। সেয়ে প্রতি বছৰে কাষৰীয়া কে’বাখনো জিলাৰ পৰা শশ পর্যটকৰ আগমন ঘটা অভয়াৰণ্য দুখনত চৰাইৰ সংখ্যা বৃদ্ধিয়ে পর্যটকক অধিক আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব বুলি আশা প্রকাশ কৰা হৈছে।

Exit mobile version