কানাডাৰ প্ৰধানমন্ত্ৰীৰ দৌৰত তিনি মহিলা, ভাগ্য কাৰ উদয় হ’ব?
কানাডাৰ প্ৰধানমন্ত্ৰী জাস্টিন টুডুৱে পদত্যাগ কৰাৰ পাছত দেশখনত শাসকীয় দল লিবাৰেল পার্টিয়ে অহা ন মাৰ্চত দলৰ নতুন নেতা নির্বাচন কৰিব।
এই নতুন নেতা কানাডাৰ প্রধানমন্ত্রী নিযুক্ত হ’ব।
আসন্ন দলীয় নির্বাচনত নেতা নিৰ্বাচিত হোৱাৰ বাবে ইতিমধ্যে পাঁচজন নেতাই মনোনয়ন দাখিল কৰিলে। প্ৰধানমন্ত্ৰীৰ পদ প্রত্যাশী এই পাঁচ নেতাৰ মাজত আছে তিনিগৰাকী মহিলা।
কানাডাৰ প্ৰধানমন্ত্ৰী পদৰ দৌৰত অংশ লোৱা তিনি মহিলা হৈছে ভাৰতীয় মূলৰ ৰুবী ধল্লা, প্রাক্তন উপ-প্রধানমন্ত্রী ক্রিষ্টিয়া ফ্রিলেণ্ড আৰু লিবাৰেল পাৰ্টিৰ সদনৰ নেতা কৰিনা গুল্ড
আনহাতে, ইনভেষ্টমেন্ট বেংকাৰ মাৰ্ক কার্নি আৰু ব্যৱসায়ী ফ্রেংক বেলীছেও প্রধানমন্ত্রী পদৰ বাবে মনোনয়ন দাখিল কৰিছে। ১২ বছৰ ধৰি টুডুৱে লিবাৰেল পাৰ্টিৰ নেতৃত্ব বহন কৰাৰ লগতে ন বছৰ ধৰি তেওঁ দেশখনৰ প্রধানমন্ত্রী হৈ আছে।
যোৱা ছয় জানুৱাৰীত টুডুৱে পদত্যাগ ঘোষণা কৰিছিল।
লিবাৰেল পাৰ্টিৰ কে’বাজনো নেতাই টুডুৰ বিৰুদ্ধে ব্যৰ্থতাৰ অভিযোগ আনিছিল। কানাডাত নিবনুৱাৰ সংখ্যা বৃদ্ধি, বৈদেশিক নীতিৰ দুর্বলতা, বিচ্ছিন্নতাবাদীৰ উত্থানসহ একাধিক ঘটনাৰ বাবে নিজ দলৰে একাংশ সাংসদে প্রধানমন্ত্রী টুডুক জগৰীয়া কৰিছিল।
এনেবোৰ অভিযোগৰ পাছতে টুডুৱে হঠাতে প্রধানমন্ত্রী আৰু দলৰ নেতাৰ পদৰ পৰা ইস্তফা ঘোষণা কৰিছিল।
প্ৰধানমন্ত্ৰী পদৰ অন্যতম চর্চিত প্রার্থী ৰুবীয়ে পূর্বে হিন্দী কানাডা চিনেমাত অভিনয় কৰিছিল। ১৯৯৩ত তেওঁ মিছ ইণ্ডিয়া প্রতিযোগিতাৰ ৰাণাৰ আপ আছিল।
২০০৪ৰ পৰা ২০১১ লৈকে সাংসদ হিচাপে কার্যনির্বাহ কৰা ৰুবী লিবাৰেল পাৰ্টিৰ এগৰাকী শীর্ষ নেত্রী।