Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home From The Editor

দিল্লীয়ে কি দিশা দিব?

publisher by publisher
February 3, 2025
in From The Editor
Reading Time: 1 min read
0
দিল্লীয়ে কি দিশা দিব?
3
SHARES
28
VIEWS
ShareShareShareShare

# প্রাঞ্জলসেন ডেকা

অহা বুধবাৰে ভোটগ্রহণ অনুষ্ঠিত হ’বলগীয়া দিল্লী বিধানসভাৰ নিৰ্বাচন আকর্ষণীয় পর্যায়ত উপনীত হৈছে। এই নির্বাচন জয়ৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে পূর্ণ শক্তি প্রয়োগ কৰিছে। আনকি যোৱা শনিবাৰে সংসদত বিত্তমন্ত্রী নির্মলা সীতাৰমণে উত্থাপন কৰা কেন্দ্ৰীয় বাজেটতো দিল্লী আৰু আসন্ন বিহাৰৰ বিধানসভা নির্বাচনক কেন্দ্ৰ কৰিয়ে কে’বাটাও প্রস্তাৱ দাখিল কৰা বুলি চৰ্চিত হৈছে।

ADVERTISEMENT

বিশেষকৈ মধ্যবিত্ত শ্রেণীক বৃহৎ সকাহ দি ১২.৭৫ লাখ টকালৈকে আয়কৰ ৰেহাই প্ৰদানৰ আঁৰতো দিল্লীৰ নিৰ্বাচন অন্যতম কাৰক বুলি বিভিন্ন মহলে মন্তব্য কৰিছে। সুদীর্ঘ ২৭ বছৰৰ পাছত পুনৰ দিল্লী দখল কৰিবলৈ বিজেপি উঠি-পৰি লাগিছে; অৱশ্যে বিগত দুয়োটা নির্বাচনতে বিজেপিয়ে মোদীৰ নেতৃত্বতে যুঁজত অৱতীর্ণ হৈছিল যদিও ৭০ খন আসন বিশিষ্ট দিল্লী বিধানসভাত ২০১৫ত মাত্র তিনিখন আৰু ২০২০৩ সাতখন আসনহে লাভকৰিবলৈ সক্ষম হৈছিল।

RelatedPosts

No Content Available

দুয়োটা নির্বাচনতে দুটা অংকৰ আসন লাভতো মহা পৰাক্ৰমী বিজেপি ব্যর্থ হৈছিল। সামগ্রিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এইবাৰৰ নিৰ্বাচন বিজেপিৰ বাবে যথেষ্ট অনুকূল বুলি ৰাজনৈতিক পর্যবেক্ষক মহলে মন্তব্য কৰিহে যদিও অন্তিম ফলাফলক লৈ কোনোৱেই নিশ্চিত হ’ব পৰা নাই; বৰঞ্চ বহু ক্ষেত্রত বিজেপি দ্বিধাগ্রস্ত যেনহে ধাৰণা হয়। বিজেপি জয়ী হ’লে মুখ্যমন্ত্রী কোন হ’ব পাৰে তাৰ কোনো ইংগিত দলে প্রকাশ কৰা নাই। বিগত তিনিটাকৈ লোকসভা নির্বাচনত দিল্লীৰ সাতোখনকৈ আসনতে জয়লাভ কৰাৰ পাছতো দলে কোনো এজন নেতাক ৰাইজৰ সম্মুখত দাঙি ধৰিব পৰা নাই।

কেৱল দিল্লীৰ নেতৃত্বহীনতাই নহয়, বৰঞ্চ মোদী পৰৱর্তী ৰাজনীতিত অধিক দাবীৰ সৃষ্টিৰ আশংকাও ইয়াৰ আঁৰত জড়িত হৈ আছে বুলি একাংশ পর্যবেক্ষকে ক’ব খোজে। উত্তৰ প্ৰদেশত যোগী আদিত্যনাথক মুখ্যমন্ত্রী পদত অধিষ্ঠিত কৰাৰ ফলত বিজেপিৰ কেন্দ্রীয় নেতৃত্বৰ শীর্ষ মহলত অব্যাহত থকা টনা-আঁজোৰাৰ বিষয়ে এইসকল পর্যবেক্ষকে আঙুলিয়াই দিয়ে। দিল্লীক কেন্দ্ৰ কৰি বিজেপিৰ স্পষ্ট স্থিতি নথকাটোও সততে চর্চিত হৈ আহিছে। দিল্লীক পূর্ণাংগ ৰাজ্যৰ মর্যাদা প্রদানৰ সম্পৰ্কতো বিজেপিয়ে দোদুল্যমান ভূমিকা গ্রহণ কৰি আহিছে। দিল্লীক লৈ কোনো স্পষ্ট কর্মসূচীও আজি পর্যন্ত দাঙি ধৰিবলৈ বিজেপি সক্ষম নহ’ল।

ইয়াৰ বিপৰীতে দিল্লী বিধানসভাৰ বিগত তিনিটা নির্বাচনত জয়লাভ কৰি আম আদমী পার্টিৰ অৰবিন্দ কেজৰিৱালে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। অৱশ্যে কংগ্রেছৰ সমর্থনত প্ৰথমখন চৰকাৰ মাত্র ৪৯ দিনহে বর্তি থাকিলেও বিগত ১০ বছৰ আম আদমী পার্টিয়েই দিল্লীত ক্ষমতাত অধিষ্ঠিত হৈ আছে। শেহতীয়াভাৱে তথাকথিত আবকাৰী কেলেংকাৰি আৰু মুখ্যমন্ত্রীৰ অতি বিলাসী আৱাস নির্মাণৰ ঘটনাক লৈ কেজৰিৱাল প্রত্যাহ্বানৰ সম্মুখীন হৈছে যদিও খোপনি হেৰুওৱা নাই।

সেই বাবেই আম আদমী পার্টিৰ মুৰব্বীজনে জেলৰ পৰা মুক্তি লাভৰ পাছতে মুখ্যমন্ত্ৰীৰ পদ ইস্তফা দি চৰকাৰী মুখ্যমন্ত্রীন আবাস ত্যাগ কৰে আৰু জনসম্পর্ক ৰক্ষাৰ অভিযানত জপিয়াই পৰে। তেওঁৰ লগতে দলব শীর্ষ নেতা তথা প্রাক্তন উপ-মুখ্যমন্ত্রী মনীষ ছিছ’ডিয়া, প্রাক্তন মন্ত্রী সত্যেন্দ্র জৈন, সাংসদ সঞ্জয় সিং প্রমুখ্যে নেতাসকল দর্ঘদিন কাৰাবন্দী হৈ থকাৰ সময়ছোৱাত আম আদমী পার্টি গভীৰ প্রত্যাহ্বানৰ সম্মুখীন হৈছিল।

আনকি দল ভাগি পৰিব বুলিও বিভিন্নজনে আশংকা প্রকাশ কৰিছিল; কিন্তু চতুৰ কেজৰিৱালে পৰিস্থিতি অনুধাৱন কৰি দলক একত্ৰিত কৰি ৰখাই নহয়, শক্তিশালীভাবে যাতে আসন্ন নির্বাচনত অবতীর্ণ হ’ব পাৰে, তাৰ বাবে প্ৰস্তুত কৰি তোলে। বিধানসভা নির্বাচনত আম আদমীৰ হাতত বাৰে বাৰে মুখ থেকেচা খাই কেন্দ্ৰৰ বিজেপি চৰকাৰে কেজৰিৱাল চৰকাৰৰ সম্মুখত বিগত সময়ছোৱাত পদে পদে বাধাৰ সৃষ্টি কৰি অহাৰ বিষয়ে দেশবাসীক আৰু নতুনকৈ ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই।

দেশৰ আন বহু ৰাজ্যৰ ভোট যুদ্ধত বলে নোৱাৰি বিৰোধী ৰাজনৈতিক দলত ভাঙোনৰ সৃষ্টি কৰা বিজেপিয়ে দিল্লীত আম আদমী পার্টিব ক্ষেত্রতো একে অপচেষ্টই চলাই আহিছে যদিও আশানুৰূপভাৱে সফল হোৱা নাই। বিগত কালছোৱাত বিভিন্ন ভাবুকি তথা প্রলোভনৰে আম আদমীৰ মুষ্টিমেয় দুই-এজন নেতাক বিজেপিত যোগদান কৰাবলৈ সক্ষম হ’লেও দিল্লীৰ শাসক দলটোৰ ক্ষতি কৰিব পৰা নাই। আনকি ভোটগ্রহণলৈ এসপ্তাহো নথকা অৱস্থাত আম আদমীৰ সাতজনকৈ বিধায়কে একেলগে দলত্যাগ কবে। এইবাৰৰ নির্বাচনত প্রার্থিত্বৰ পৰা বঞ্চিত হোৱা এইসকল বিধায়কে কাৰ প্ৰৰোচনাত এইদৰে আম আদমী পার্টিৰ নেতৃত্বৰ বিৰুদ্ধে অসন্তুষ্টি প্রকাশ কৰি দলত্যাগ কৰিছে, সেয়া কোনেও নুবুজাকৈ থকা নাই।

ইতিমধ্যে তেওঁলোকে বিজেপিত যোগদান কৰিছে। লক্ষ্যণীয় যে এইবাৰৰ নিৰ্বাচনত আম আদমীয়ে ২১ জন বিধায়কক প্রার্থিত্ব প্রদান কৰা নাই। তাৰেই সাতজনৰ পদত্যাগৰ পাছত আন বহুকেইজনে ভিডিঅ’ বার্তাযোগে স্পষ্ট কৰি দিছে যে তেওঁলোক আম আদমী পার্টিৰ লগতে আছে আৰু ভৱিষ্যতেও থাকিব। বিজেপিৰ পৰা অহৰহ হেঁচা লাভ কৰি অহাৰ পাছতো তেওঁলোকে ত্যাগ নকৰে বুলি উল্লেখ কৰি নেতৃত্বৰ ওপৰত আস্থা আৰোপ কৰে।

ইয়াৰ বিপৰীতে আম আদমী পার্টিৰ আত্মপ্রকাশৰ পূর্বে দিল্লীত একেৰাহে ১৫ বছৰকাল শাসন কৰা কংগ্ৰেছৰ সাম্প্রতিক স্থিতিক লৈ বিভিন্ন প্রশ্নৰ উদ্ৰেক হৈছে। ৪০ শতাংশৰ অধিক ভোট লাভ কৰা এই দিল্লীতে সম্প্রতি কংগ্ৰেছৰ ভোটৰ হাৰ চাৰি শতাংশলৈ হ্রাস পাইছে। এইবাৰৰ নির্বাচনত দলটোৱে ভোটৰ হাৰ অন্ততঃ ১০-১৫ শতাংশলৈ বৃদ্ধিব বাবে পূর্ণ প্রচেষ্টা চলাইছে। দলৰ কে’বাখনো ৰাজ্যৰ নেতৃত্বই কেন্দ্রীয় নেতৃত্বক পৰামৰ্শ দিছে যে যিহেতু আঞ্চলিক দলৰ স’তে মিত্রতাই কংগ্রেছৰ ভোট হ্রাস কৰিছে সেয়েহে সংশ্লিষ্ট ৰাজ্যসমূহত দলে নিজাববীয়াকৈ নির্বাচনী প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হ’ব লাগে।

সেই অনুসৰিয়ে বিগত লোকসভা নির্বাচনত আম আদমীৰ স’তে মিলি দিল্লীত যুঁজত অৱতীৰ্ণ হোৱা কংগ্ৰেছে এইবাৰ বিধানসভা নির্বাচনত নিজাববীয়াকৈ যুঁজত নামিছে। অৱশ্যে চলিত বর্ষতে নির্বাচন অনুষ্ঠিত হ’বলগীয়া বিহাৰ অথবা অন্যান্য ৰাজ্যতো একে স্থিতি গ্রহণ কৰাটো কংগ্ৰেছৰ বাবে সম্ভৱ হ’ব নে ইও এক গুৰুত্বপূর্ণ প্রশ্ন। কিয়নো পূর্বে মহাৰাষ্ট্ৰ বিহাৰ আৰু সম্প্ৰতি ঝাৰখণ্ড, জম্মু আৰু কাশ্মীৰ আদিত কংগ্ৰেছে সহযোগী দলৰ স’তে মিলিহে ক্ষমতাত অধিষ্ঠিত হ’বলৈ সক্ষম হৈছিল।আনহাতে, দেশৰ আন বহু ৰাজ্যৰ দৰেই দিল্লীতো কংগ্ৰেছৰ সাংগঠনিক স্থিতি যথেষ্ট শিথিল হৈ পৰিছে। আনকি দলৰ বহু জিলা তথা ব্লক আদিত সভাপতি পর্যন্ত দীর্ঘকাল ধৰি নিযুক্তি দিয়া হোৱা নাই। এনে পৰিপ্ৰেক্ষিতত কংগ্ৰেছে এইবাৰ দিল্লীত কিমান ভোট লাভ কৰিবলৈ সক্ষম হয় তাক লৈ উৎসুকতা নথকা নহয়। অৱশ্যে এই কথা ঠিক যে যদিহে কংগ্ৰেছে ১০ শতাংশৰ অধিক ভোট লাভ করে, তেন্তে আম আদমী পার্টি ক্ষতিৰ সম্মুখীন হ’ব পাৰে।

এনে বিভিন্ন প্রত্যাহ্বান সত্ত্বেও মহিলা, মুছলমান আৰু দলিত ভোটাৰৰ গৰিষ্ঠসংখ্যক কেজৰিৱাল আৰু আম আদমী পাৰ্টিৰ সমর্থনতে আছে। দিল্লীৰ প্রায় ১৩ শতাংশ জনসংখ্যা ইছলামধর্মী। সম্প্রতি তেওঁলোকৰ সন্মুখত ৰাজনৈতিক বিকল্প নাই বুলিলেও ভুল কোৱা নহয়। কিয়নো ইছলামধর্মী ভোটাৰসকলৰ কংগ্ৰেছৰ প্ৰতি যথেষ্ট সমর্থন আছে যদিও বৰ্তমানৰ প্ৰেক্ষাপটত দিল্লীত এই দলে নির্বাচনত জয়লাভ কৰাৰ সম্ভাৱনা আছে বুলি নাভাবে।

ইয়াৰ বিপৰীতে বিজেপিৰ শাসনকালত নানা ধৰণৰ চাপৰ সম্মুখীন হোৱা হেতুকে এই দলৰ বিৰুদ্ধে জয়লাভৰ সম্ভাৱনাপূর্ণ কেজৰিৱাল তথা আম আদমী পার্টিক ভোট দিয়াৰ বাহিৰে মুছলমান ভোটাৰৰ বিকল্প নাই। অৱশ্যে এনে পৰিস্থিতিৰেই সুযোগ ল’বলৈ আছাদুদ্দিন ওৱেইছিয়ে দিল্লীৰ মুছলমান অধ্যুষিত কে’বাটাও সমষ্টিত দলৰ প্রার্থী থিয় কৰাইছে। এইসকল প্রার্থীয়ে কিমান ভোট লাভ কৰিবলৈ সক্ষম হয়, সিও আম আদমীৰ ফলাফলত কিছু প্ৰভাৱ পেলাব পাৰে।

আনহাতে, দিল্লীব ১৭ শতাংশ দলিত ভোটাৰৰ প্রায় ৭০ শতাংশই বিগত ২০২০ৰ নির্বাচনত আম আদমী পার্টিৎ সপক্ষে ভোটদান কৰা বুলি এক নির্বাচনোত্তৰ সমীক্ষাত প্রকাশ পাইছে। দলিত ভোটাৰ এতিয়াও আম আদমী পার্টির সমর্থনতে আছে বুলি কোৱা হৈছে। তেনেদবে দিল্লীৰ ৬০ শতাংশৰ অধিক মহিলা ভোটাবে বিগত নির্বাচনত আম আদমীৰ সপক্ষে ভোটদান কৰিছিল বুলি একেটা সমীক্ষাতে প্রকাশ কৰা হৈছে। ইয়াৰ বিপৰীতে প্রায় ৩৫ শতাংশ মহিলাই বিজেপিক ভোট দিছিল।

প্রথমে মধ্যপ্রদেশ আৰু শেহতীয়াকৈ মহাৰাষ্ট্ৰত বিজেপি তথা ইয়াৰ মিত্রজোটৰ বৃহৎ জয়ৰ আঁৰত মহিলা ভোটাৰে সবাতোকৈ অধিক অৰিহণা যোগোৱা বুলি প্রমাণিত হোৱাৰ পাছত সমগ্র দেশজুৰি প্রতিটো ৰাজনৈতিক দলে মহিলা ভোটাৰৰ প্ৰতি বিশেষ দৃষ্টি দিবলৈ বাধ্য হৈছে। একেই ছবি দিল্লীব নির্বাচনতো পৰিস্ফুট হৈছে। শাসকীয় আম আদমী পার্টিৰ লগতে বিজেপি আৰু কংগ্ৰেছেও মহিলা ভোটাৰক আকৰ্ষণৰ বাবে ইটোতকৈ সিটো চৰা আঁচনি ঘোষণা কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: আম আদমী
publisher

publisher

Related Posts

No Content Available
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d