বাণিজ্যিক যুদ্ধৰ দিশে বিশ্ব!
মার্কিন সামগ্রীত ২৫ শতাংশ আমদানি শুল্কৰে ধনুত টংকাৰ টুডুৰ
সন্তুষ্ট কৰাৰ চেষ্টা ভাৰতৰ: আমেৰিকাত তৈয়াৰী বাহনৰ শুল্ক হ্রাস
ট্রাম্পক প্ৰতিহুংকাৰ চীন, কানাডা, মেক্সিক’ৰ
নৱনিযুক্ত মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ ‘আমেৰিকা প্রথম’ ধ্বনিয়ে বিশ্বক এক বাণিজ্যিক যুদ্ধৰ দিশে ঠেলি দিয়াৰ আশংকা প্রবল হৈছে। নির্বাচনী প্রতিশ্রুতি অনুসৰি ৰাষ্ট্ৰপতি ট্রাম্পে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ আমদানি হোৱা বিভিন্ন। দশত তৈয়াৰী সামগ্রীত শুল্ক বৃদ্ধি কৰিছে।
মার্কিন ৰাষ্ট্ৰপতিজনৰ এই কাৰ্যৰ বিৰুদ্ধে গৰজি উঠিছে বিশ্ব বাণিজ্যৰ অন্যতম শক্তি চীনৰ লগতে কানাডা, মেক্সিক’ আদি।
ইতিমধ্যে ট্রাম্পলৈ প্ৰতি হুংকাৰ দি কানাডাই মার্কিন সামগ্রীত ২৫ শতাংশ আমদানি শুল্ক আৰোপ কৰিছে। ইতিমধ্যে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্রুডুবে এই কথা ঘোষণা কৰে।
ইয়াৰ লগে লগে প্রধানমন্ত্রীজনে এক বাণিজ্যিক যুদ্ধৰ ধনুত টংকাৰ দিয়া বুলি চৰ্চিত হৈছে। অৱশ্যে ট্রাম্পে ভাৰতত উৎপাদিত সামগ্ৰীৰ ক্ষেত্ৰতো আমদানি শুল্ক বৃদ্ধিৰ হুংকাৰ দিলেও ভাৰতে দেশখনৰ স’তে সম্পর্ক অধিক দৃঢ় কৰাৰ ইংগিত দিছে।
ইয়াৰ অংশৰূপে ভাৰতে আমেৰিকাত তৈয়াৰী বিলাসী স্কুটাৰ-মটৰ চাইকেল, সৰু যাত্রীবাহী গাড়ী আৰু ম’বাইল ফোনৰ বেটাৰী তৈয়াৰত ব্যৱহৃত সামগ্ৰীৰ আমদানি শুল্ক হ্রাস কৰিছে।
সংসদত বিত্তমন্ত্রী নির্মলা সীতাৰমণে দাখিল কৰা বাজেটত এইসমূহৰ শুল্ক হ্ৰাসৰ কথা ঘোষিত হৈছে। ফলস্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰত তৈয়াৰী এনে সামগ্রীসমূহৰ দাম ভাৰতত হ্রাস পাব।
ইয়াৰ বিপৰীতে ট্রাম্পৰ গর্জনক সমূলি গুৰুত্ব নিদি কানাডাই মার্কিন সামগ্রীত আমদানি শুল্ক ২৫ শতাংশ আৰোপ কৰিছে। একেদৰে ট্রাম্পৰ নীতিৰ বিৰুদ্ধে গৰজি উঠিছে চীন আৰু মেক্সিক’ও। ইয়ে অচিৰে বিশ্বত এক বাণিজ্যিক যুদ্ধৰ অৱতাৰণা কৰাৰ স্পষ্ট ইংগিত দিছে।
এই সম্পর্কত প্রধানমন্ত্রী টুডুবে দেশবাসীক উদ্দেশি সংবাদ মাধ্যমৰ আগত কয়, ‘মার্কিন পণ্য কমকৈ কিনক। মার্কিন সামগ্ৰীৰ পৰিৱৰ্তে কানাডাত উৎপাদিত সামগ্ৰী আৰু সেৱা ব্যৱহাৰ কৰক।
‘ একে সময়তে তেওঁ মার্কিন প্রশাসনলৈ সকীয়নি জাৰি কৰি কয়, ‘কানাডাৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰি আপোনালোকে নিজৰ জীৱিকালৈ বিপদ মাতিলে।’ লগতে তেওঁ কানাডাত শাখা থকা মার্কিন গাড়ী কোম্পানীসমূহৰ কাৰখানা বন্ধ কৰি দিয়াৰো হুংকাৰ দিছে।
উল্লেখ্য যে দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতিৰূপে শপতগ্ৰহণৰ পাছতে একাধিক কঠোৰ কাৰ্যবাহী নির্দেশ জাৰি কৰা ট্রাম্পে চীনা সামগ্রীতো ১০ শতাংশ আমদানি শুল্ক আৰোপৰ সিদ্ধান্ত গ্রহণ কৰিছে। অনুৰূপ সিদ্ধান্ত মেক্সিক’ত উৎপাদিত সামগ্ৰীৰ ক্ষেত্ৰতো ট্রাম্পে গ্রহণ কৰিছে।
আনহাতে, ট্রাম্প প্রশাসনে চীনা সামগ্রীত আমদানি শুল্ক বৃদ্ধি কৰাক লৈ জাঙুৰ খাই উঠিছে বেইজিং। ট্রাম্পৰ এই কাৰ্যক নিন্দা কৰি চীনৰ বাণিজ্য মন্ত্রণালয়ে সদৰী কৰিছে যে ট্রাম্পৰ শুল্ক বৃদ্ধি কার্য বিশ্ব বাণিজ্য সংস্থাৰ নিয়মৰ পৰিপন্থী। এই বিষয়ে বিশ্ব বাণিজ্য সংস্থাক অভিযোগ দিয়াৰ যো-জা চলাইছে চীন চৰকাৰে।
ইয়াৰ সমান্তৰালভাৱে চীন চৰকাৰে স্পষ্টভাবে ঘোষণা কৰিছে যে দেশখনে মার্কিন সামগ্রীত আমদানি শুল্ক বৃদ্ধি কৰিব। একেদৰে ট্রাম্প প্রশাসনৰ শুল্ক বৃদ্ধিক লৈ জাঙুৰ খাই উঠিছে মেক্সিক’।
অৱশ্যে মার্কিন প্রশাসনৰ স’তে সংঘাত মেক্সিক’ৱে বিচৰা নাই বুলি উল্লেখ কৰি দেশখনৰ ৰাষ্ট্ৰপতি ক্ল’ডিয়া শ্বেনবাউম পার্দোাে সামাজিক মাধ্যমত কয়, ‘মেক্সিক’ৱে কোনো সংঘাতৰ পথ ল’ব বিচৰা নাই। আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধানৰ বাবে হোৱাইট হাউছ (মার্কিন ৰাষ্ট্ৰপতি কার্যালয়) লৈ বার্তা প্ৰেৰণ কৰিছো।’
অৱশ্যে এনেদৰে সমস্যা সমাধান নহ’লে বিকল্প পথ (প্লেন-বি) তৈয়াৰ কৰি ৰখা হৈছে বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয়, ‘আলোচনাৰ মাধ্যমেৰে সমস্যাৰ সমাধান নহ’লে মই মেক্সিক’ৰ বিত্তমন্ত্ৰীক প্লেন-বি কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছো।’
এই ‘প্লেন-বি’ত মেক্সিক’ৰ স্বাৰ্থক প্রাধান্য দিয়া হৈছে বুলি ৰাষ্ট্ৰপতি পার্দোৱে সামাজিক মাধ্যমৰ জৰিয়তে সদৰী কৰিছে। গতিকে ট্রাম্পে বিদেশী সামগ্রীত শুল্ক আৰোপক লৈ স্থিতি সলনি নকৰিলে বিশ্বত বাণিজ্য যুদ্ধৰ অৱতাৰণা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
সূত্রই প্ৰকাশ কৰা অনুসৰি, ট্রাম্প নিজ সিদ্ধান্তত অটল থাকিলে মেক্সিক’রে আমেৰিকা যুক্তৰাষ্ট্ৰত উৎপাদিত তীখা, এলুমেনিয়াম, মাংস, মাখন আদিত পাঁচৰ পৰা ২০ শতাংশ পর্যন্ত শুল্ক আৰোপ কৰিব।
অৱশ্যে এই তিনি দেশৰ প্রচণ্ড বিৰোধিতাই মার্কিন প্রশাসনত তীব্র চাপৰ সৃষ্টি কৰা বুলি চর্চা হৈছে। এই চাপত সেও মানি ট্রাম্পে সিদ্ধান্ত সলনি কৰিব পাৰে বুলিও একাংশই মন্তব্য কৰিছে।
ট্রাম্পৰ শুল্ক বৃদ্ধিৰ হুংকাৰঃ আমেৰিকাৰ পৰা অহা দামী মটৰ চাইকেল, সৰু গাড়ী আদিত শুল্ক হ্রাস ভাৰতৰ
ট্রাম্পৰ শুল্ক বৃদ্ধিৰ হুংকাৰৰ প্ৰত্যুত্তৰ দি চীন, মেক্সিক’ আৰু কানাডাই যুযুধানৰূপ ল’লেও ভাৰতে নৰম স্থিতি গ্রহণ কৰিছে। ইয়াৰ আভাস স্পষ্ট হৈছে নৰেন্দ্ৰ মোদী চৰকাৰে বিভিন্ন মার্কিন সামগ্রীত আমদানি শুল্ক হ্রাস কৰা কার্যত।
সংসদত দাখিল হোৱা আগন্তুক ২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্রীয় বাজেটত উল্লেখ আছে যে ১৬০০ চিচি ইঞ্জিনযুক্ত মটৰ চাইকেললৈকে আমদানি শুল্ক হ্রাস কৰা হৈছে।
তদুপৰি এই বাজেটত বিলাসী যাত্রীবাহী গাড়ী (লাক্সাৰী কাৰ) ৰ শুল্ক ১২৫ শতাংশৰ পৰা ৭০ শতাংশলৈ হ্রাস কৰা হৈছে। একেদৰে ম’বাইল ফোনৰ বেটাৰী তৈয়াৰত ব্যৱহৃত ২৮ বিধ সামগ্রীত আমদানি শুল্ক এই বাজেটত হ্রাস কৰা হৈছে।
লক্ষ্যণীয়ভাবে ম’বাইল ফোনৰ বেটাৰী তৈয়াৰত ব্যৱহৃত এই সামগ্ৰীসমূহ চীন অথবা আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতলৈ আহে।
গতিকে ভাৰতত ম’বাইল ফোনৰ দাম হ্রাস পোৱাৰ সম্ভাৱনা আছে। ভাৰতে এনেদৰে আমেৰিকাত উৎপাদিত বিভিন্ন সামগ্ৰীৰ আমদানি শুল্ক হ্রাস কৰাত ট্রাম্পো সন্তুষ্ট হোৱাৰ সম্ভাৱনা আছে। কাৰণ অলপতে ৰিপাব্লিকান দলৰ এক অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতি ট্রাম্পে মার্কিন সামগ্রীত অত্যধিক আমদানি শুল্ক আৰোপ কৰা বুলি ভাৰতকো সমালোচনা কৰে।
অৱশ্যে ট্রাম্পে দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতিৰূপে শপতগ্ৰহণ কৰাৰ পূৰ্বৰে পৰা নতুন দিল্লীয়ে মার্কিন প্রশাসনৰ স’তে সম্পৰ্ক অধিক দৃঢ় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।
ট্রাম্পৰ যোৱা ২০ জানুৱাৰীৰ শপতগ্ৰহণ অনুষ্ঠানত অংশ লৈ ভাৰতৰ বৈদেশিক মন্ত্রী ড: এছ জয়শংকৰে ইয়াৰে ইংগিত দিয়ে।
লক্ষ্যণীয় যে শনিবাৰে বিত্তমন্ত্রী সীতাৰমণে সংসদত বাজেট দাখিল কৰি দিয়া বক্তৃতাত ১৬০০ চিচি ইঞ্জিনযুক্ত মটৰ চাইকেললৈকে দাম হ্রাস পাব বুলি ঘোষণা কৰে।
পূর্বে এনে মটৰ চাইকেলত আমদানি শুল্ক ৫০ শতাংশ আছিল। আগন্তুক বিত্তীয় বৰ্ষৰ বাজেটত এই শুল্কৰ পৰিমাণ ৪০ শতাংশলৈ হ্রাস কৰা হৈছে। একেদৰে এছকেডি কিটৰ শুল্কও ২৫ শতাংশৰ পৰা ২০ শতাংশলৈ হ্রাস কৰা হৈছে। তদুপৰি সম্পূৰ্ণ ‘নকড-ডাউন’ (চিকেডি) ইউনিটৰো শুল্ক ১৫ৰ পৰা ১০ শতাংশলৈ হ্রাস কৰা হৈছে।
ইয়ে ভাৰতত মার্কিন প্রতিষ্ঠান হার্লে-ডেভিডছনৰ মটৰ চাইকেলৰ দামো হ্রাস কৰিব।
উল্লেখ্য যে ২০০৭ত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত স্বাক্ষৰিত ‘মটৰ চাইকেলৰ বাবে আম’ চুক্তিৰ অংশৰূপে ২০১০ত ভাৰতৰ বজাৰত হার্লে-ডেভিডছনে প্ৰৱেশ কৰে। ইয়াৰ ১০ বছৰৰ পাছত ২০২০ত প্রতিষ্ঠানটোৱে ভাৰতৰ বজাৰ ত্যাগ কৰে।
লক্ষ্যণীয়ভাৱে ভাৰতৰ বজাৰ ত্যাগ কৰাৰ এমাহৰ পাছত প্রতিষ্ঠানটো পুনৰ ভাৰতলৈ ঘূৰি আহে। আগন্তুক বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ জৰিয়তে প্রতিষ্ঠানটোক চৰকাৰে এক বৃহৎ সকাহ দিছে।
আনহাতে, বিলাসী গাড়ীত ভাৰত চৰকাৰে শুল্ক হ্রাস কৰা কাৰ্যই এল’ন মাস্ক’ৰ টেছলা প্রতিষ্ঠানকো বৃহৎ সকাহ দিব বুলি চর্চিত হৈছে। লক্ষ্যণীয়ভাবে সম্প্রতি মাস্কে ৰাষ্ট্ৰপতি ট্রাম্পৰ উপদেষ্টাৰূপে কার্যনির্বাহ কৰি আছে।
গতিকে ভাৰতৰ শুল্ক হ্রাস কার্যত ট্রাম্প সন্তুষ্ট হ’ব বুলি চর্চিত হৈছে। সেয়েহে ট্রাম্পৰ শুল্ক বৃদ্ধি কার্যই বিশ্বত বাণিজ্যিক যুদ্ধৰ সূচনা কৰিলেও এই যুদ্ধত অংশ লোৱাৰ পৰা ভাৰত বিৰত থকাৰ সম্ভাৱনা আছে।