Trump :ট্রাম্পৰ ক্ৰোধত আমেৰিকাৰ ‘বহিস্কাৰ’ভাৰতীয়সকল
আমেৰিকাৰ পৰা উৰা মাৰিলে বিমান !
ড’নাল্ড ট্ৰাম্পৰ ‘অনুপ্ৰৱেশকাৰী’ বহিস্কাৰৰ নীতি ভাৰতীয়সকলৰ ওপৰতো পৰাৰ পথত ! সূত্ৰ অনুসৰি, ভাৰতীয় প্ৰব্ৰজনকাৰীক কঢ়িয়াই নিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বিমানে ইতিমধ্যে উৰা মাৰিছে।
২৪ ঘন্টাৰ ভিতৰত বিমানখন ভাৰতত উপস্থিত হ’ব বুলিও জনা গৈছে। মন কৰিবলগীয়া যে অনুপ্ৰৱেশকাৰীৰ প্ৰতি অমানৱীয় ব্যৱহাৰৰ অভিযোগ ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে বাৰে বাৰে উত্থাপিত হৈ আহিছে। ভাৰতীয়সকলক ঘূৰাই অনাৰ বাবে ট্ৰাম্পে কেনেদৰে পদক্ষেপ লৈছিল সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হৈছে।
সংবাদ সংস্থা ৰয়টাৰ্ছৰ মতে, ভাৰতীয় অনুপ্ৰৱেশকাৰীৰ স’তে আমেৰিকা সেনাৰ চি-১৭ বিমানে যাত্ৰা আৰম্ভ কৰিছে। আমেৰিকাৰ এগৰাকী সামৰিক বিষয়াই কয় যে প্ৰব্ৰজনকাৰীক উভতাই আনিবলৈ এতিয়ালৈকে আমেৰিকাই বিমান প্ৰেৰণ কৰা দেশখনেই হৈছে ভাৰত।
গতিকে প্ৰব্ৰজনকাৰীসকলে ভাৰতত উপস্থিত হ’বলৈ কমেও ২৪ ঘণ্টা সময় লাগিব। মন কৰিব যে প্ৰব্ৰজনকাৰী কঢ়িয়াই অনা আমেৰিকাৰ সামৰিক বিমানসমূহ এল পাছ’, টেক্সাছ, ছান ডিয়েগো আৰু কেলিফৰ্ণিয়াৰ পৰা যাত্ৰা কৰিছে।
ড’নাল্ড ট্ৰাম্পে কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগে লগে, আমেৰিকাত ‘অনুপ্ৰৱেশকাৰীৰ অভিযান’ আৰম্ভ হৈছে।
বহুতো প্ৰব্ৰজনকাৰীক সামৰিক বিমানেৰে আমেৰিকাৰ পৰা উলিয়াই অনা হৈছে বুলি ট্ৰাম্প প্ৰশাসনে প্ৰকাশ কৰিছে।
এতিয়ালৈকে ছখন বিমানে আমেৰিকাৰ পৰা অনুপ্ৰৱেশকাৰীক লৈ গৈছে।
প্ৰব্ৰজনকাৰীসকলৰ অধিকাংশই লেটিন আমেৰিকাৰ দেশলৈ ঘূৰাই অনা হৈছে। প্ৰথমতে কলম্বিয়াই বিমান ভৰ্তি প্ৰব্ৰজনকাৰীক গ্ৰহণ কৰিব বিচৰা নাছিল যদিও পিছলৈ ট্ৰাম্পৰ “ভাবুকি”ৰ সন্মুখীন হৈ তেওঁলোকে পিছুৱাই যাবলগীয়া হয়।
উল্লেখ্য যে সোমবাৰে ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স’তে বিভিন্ন বিষয়ত ফোনযোগে বাৰ্তালাপ কৰে।
ইয়াৰ পাছত তেওঁ কয়, ‘মোডীৰ স’তে ইমিগ্ৰেচনৰ বিষয়ে আলোচনা কৰা হৈছে। প্ৰব্ৰজনকাৰীসকলক ঘূৰাই পঠোৱাৰ ক্ষেত্ৰত ভাৰতে সঠিক কাম কৰিব।”
সূত্ৰ অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰা কমেও ১৮ হেজাৰ ভাৰতীয়ক “অনুপ্ৰৱেশকাৰী” বুলি চিনাক্ত কৰা হৈছে। এতিয়া তেওঁলোকক আমেৰিকাৰ পৰা ‘বহিষ্কাৰ’ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ।
প্ৰথম পৰ্যায়ত ২০৫ জন ভাৰতীয়ক ঘূৰাই অনা হৈছে। তেওঁলোক ভাৰতৰ নাগৰিক হোৱাৰ পৰ্যাপ্ত প্ৰমাণ আমেৰিকা প্ৰশাসনৰ হাতত আছে।
বিশ্লেষকসকলে অনুমান কৰিছে যে নতুন দিল্লীয়েও নাগৰিকত্বৰ প্ৰমাণ লাভ কৰাত সহায় কৰিছে।






























