ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ ২০২৫

11 8

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ ২০২৫।

ADVERTISEMENT

উদুলি-মুদুলি পৰিবেশ।

বিশ্বৰ ২৫ দেশৰ লেখক-সাহিত্যিকৰ অংশগ্ৰহণেৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আজিৰে পৰা অনুষ্ঠিত হৈছে আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ ২০২৫।

ৰাজ্যৰ অগ্ৰণী কলা, সংস্কৃতি আৰু সাহিত্য বিষয়ক স্বেচ্ছাসেৱী অনুষ্ঠান ফ’কেলৰ উদ্যোগত আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহযোগত চাৰিদিনীয়াকৈ এই মহোৎসৱখনি অনুষ্ঠিত হৈছে।

‘আফ্রিকা’ক কেন্দ্রীয় বিষয় হিচাপে লৈ অনুষ্ঠিত কৰা এই মহোৎসৱত ভাৰতৰ উপৰি বিশ্বৰ ২৫ খন দেশৰ লেখক- সাহিত্যিকে অংশগ্রহণ কৰিব। মহোৎসৱৰ কেওটা দিনত পঞ্চাশৰো অধিক সত্ৰ আৰু কৰ্মশালা অনুষ্ঠিত হ’ব। তদুপলক্ষে আজি পুৱাৰ ভাগত বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এক বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠান।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ নগেন শইকীয়াই।

উদ্বোধনী অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অসমীয়া বোলছবি পৰিচালক জাহ্নু বৰুৱা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ জিতেন হাজৰিকা, প্ৰখ্যাত আফ্ৰিকান লেখক টেটে মিছেল কেপামাছি, অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া ভি.বি. প্যাৰেলাল আদি উপস্থিত থাকে।

উক্ত অনুষ্ঠানৰ পাছতে আফ্ৰিকাৰ ওপৰত নিৰ্মিত এখনি তথ্যচিত্ৰ প্ৰদৰ্শন, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আফ্ৰিকান ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়।

Exit mobile version