তিৰুপতি মন্দিৰৰ পৰা উচ্ছেদ ১৮ জন অহিন্দু কৰ্মচাৰী, ‘অৱসৰ বা অন্য ঠাইলৈ স্থানান্তৰ’

11 8

তিৰুপতি মন্দিৰৰ পৰা উচ্ছেদ ১৮ জন অহিন্দু কৰ্মচাৰী,

‘অৱসৰ বা অন্য ঠাইলৈ স্থানান্তৰ’

 

পূৰ্বতেই কৰা হৈছে ঘোষণা । প্ৰত্যাশিত ভাবেই এইবাৰ অ-হিন্দু কৰ্মচাৰীসকলৰ বিৰূদ্ধে পদক্ষেপ ল’লে অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি মন্দিৰ কৰ্তৃপক্ষই ।

১৮ জন শ্ৰমিকক মন্দিৰ এৰি যাবলৈ কোৱা হৈছে। কৰ্তৃপক্ষই জনাইছে যে তেওঁলোকক আন ঠাইলৈ স্থানান্তৰ কৰা হ’ব । অথবা স্বেচ্ছামূলক অৱসৰ ল’ব লাগিব।

তেওঁলোকে তিৰুপতি মন্দিৰত কাম কৰিব নোৱাৰে। এই সন্দৰ্ভত সকলো ১৮ জন কৰ্মচাৰীলৈ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে।

তিৰুপতি মন্দিৰটো তিৰুমালা তিৰুপতি দেৱস্থানমৰ (টিটিডি) দ্বাৰা পৰিচালিত হয়। মেনেজমেণ্টে মন্দিৰৰ ১৮ জন অ-হিন্দু কৰ্মচাৰীচিনাক্ত কৰিছে।

তেওঁলোকক কোৱা হৈছে যে তেওঁলোকে আৰু মন্দিৰৰ বাবে কাম কৰিব নোৱাৰিব বা আন কোনো ধৰণে ইয়াৰ স’তে জড়িত হ’ব নোৱাৰিব।

মন্দিৰ কৰ্তৃপক্ষৰ মতে, তিৰুপতি মন্দিৰৰ আধ্যাত্মিক পৱিত্ৰতা সুৰক্ষিত কৰাৰ স্বাৰ্থত এই সিদ্ধান্ত লোৱা হৈছে।

তিৰুপতি মন্দিৰৰ অ-হিন্দু কৰ্মচাৰীসকলে তেওঁলোকৰ নিজ নিজ ধৰ্মীয় অনুষ্ঠানত সক্ৰিয় ভূমিকা লগ্ৰহণ কৰে। ধৰ্মীয় উৎসৱ পালন কৰে। লগতে তেওঁলোকে মন্দিৰৰ কামও কৰে আৰু টিটিডিৰ দ্বাৰা পৰিচালিত ধৰ্মীয় উৎসৱত অংশগ্ৰহণ কৰে। এই আপত্তি সংশ্লিষ্ট কৰ্তৃপক্ষৰ। গতিকে মন্দিৰৰ ১৮ জন কৰ্মচাৰীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি টিটিডিয়ে জনাইছে।

তিৰুপতি দক্ষিণ ভাৰতৰ এটা জনপ্ৰিয় হিন্দু মন্দিৰ। প্ৰতি বছৰে, দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলে অন্ধ্ৰ প্ৰদেশৰ এই মন্দিৰত ভিৰ কৰে।

কেইমাহমানৰ আগতে, তিৰুপতি মন্দিৰ কৰ্তৃপক্ষই জনাই যে তেওঁলোকে অ-হিন্দু কৰ্মচাৰীসকলক ৰাখিব নিবিচাৰে। ধৰ্মীয় পৱিত্ৰতাৰ স্বাৰ্থত, মন্দিৰৰ সকলো অ-হিন্দু কৰ্মচাৰীক আঁতৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।

টিটিডিয়ে জনাইছে, এই কৰ্মচাৰীসকলক অন্ধ্ৰ প্ৰদেশ চৰকাৰক হস্তান্তৰ কৰা হ’ব।

Exit mobile version