Elon Mask:এইবাৰ ডিঅ’জিউত ভাৰতীয় মূলৰ আকাশক অন্তৰ্ভুক্ত কৰিলে মাস্কে
টেছলা, স্পেচএক্সসহ একাধিক বিশ্বখ্যাত প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী আৰু বৰ্তমানৰ সময়ৰ বিশ্বৰ সবাতোকৈ ধনাঢ্য ব্যক্তি এলন মাস্কে ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ প্ৰশাসনত ডিপাৰ্টমেণ্ট অব গৱৰ্ণমেণ্ট এফিচিয়েন্সি (ডিঅ’জিই)ৰ মুৰব্বীৰ দায়িত্ব লাভ কৰিছিল।
মাস্কে ডিঅ’জিইৰ শীর্ষ পদত ছজন যুৱ অভিযন্তাক নিয়োগৰে এক গোট গঠন কৰিলে ৷ প্ৰকাশিত বাতৰি অনুসৰি, বিভাগটোত মাস্কে নিয়োজন কৰা আটাইকেইজন বিশেষজ্ঞ অভিযন্তা হৈছে সদ্য উত্তীর্ণ অতি মেধাৱী শিক্ষার্থী।
ডিঅ’জিইত মাস্কে দায়িত্ব অৰ্পণ কৰা এই যুৱ অভিযন্তাকেইগৰাকী হৈছে এডৱৰ্ড কৰিষ্টিন, লিউক ফেৰিটৰ, গ’টিয়ৰ ক’ল কিলিয়ন, গেবিন কিলগৰ, এথন জাউত্ৰান আৰু আকাশ বব্বা।
এই অভিযন্তাকেইজনৰ বয়স ১৯-২৪ বছৰৰ ভিতৰত। আকাশ হৈছে ভাৰতীয় মূলৰ এজন যুৱ অভিযন্তা। আকাশে ইউনিভাৰছিটি অব কেলিফ’র্ণিয়াৰ পৰা মেনেজমেণ্ট, এন্ট্রাপ্রিনিউৰশ্বিপ আৰু টেকন’ল’জি বিষয়ত উচ্চ শিক্ষা গ্রহণ কৰিছিল।
২২ বছৰীয়া আকাশে কৃত্রিম বুদ্ধিমত্তা, ডেটা এনালিটিক্স, ফাইনেন্সিয়েল ম’ডেলিং বিষয়তো কাম কৰিছিল। উল্লেখ্য যে পূৰ্বে ডিঅ’জিইত ভাৰতীয় মূলৰ মাৰ্কিন ব্যৱসায়ী বিবেক ৰামাস্বামীক অন্তৰ্ভুক্ত কৰা হৈছিল যদিও অলপতে মাস্কৰ স’তে হোৱা এক সংঘাতৰ কাৰণত ৰামাস্বামীয়ে উক্ত বিভাগৰ দায়িত্বৰ পৰা অব্যাহতি লৈছিল।
এইবাৰ মাস্কে আন পাঁচ যুৱ অভিযন্তাৰ লগতে ভাৰতীয় মূলৰ আকাশক ডিঅ’জিইৰ গুৰুত্বপূৰ্ণ পদত নিযুক্তি দিলে।