Indian rupee fell below 87 against the dollar:এইবাৰ ডলাৰৰ বিপৰীতে ৮৭ৰো তললৈ নামিল ভাৰতীয় টকা

11 5

Indian rupee fell below 87 against the dollar:এইবাৰ ডলাৰৰ বিপৰীতে ৮৭ৰো তললৈ নামিল ভাৰতীয় টকা

একেদিনাই ৪৯ পইচাৰ পতন

মূল্যবৃদ্ধি অধিক আকাশলংঘী হ’ব নেকি?

দীর্ঘদিনৰ মূৰত ভাৰতৰ শ্বেয়াৰ বজাৰত উত্থান

মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে চীন, কানাডা আৰু মেক্সিকোত উৎপাদিত সামগ্রীত উচ্চ হাৰৰ আমদানি শুল্ক আৰোপ কৰা তথা সংশ্লিষ্ট দেশসমূহে ফেপেৰি পাতি ধৰা কাৰ্যই বিশ্বত বাণিজ্যিক যুদ্ধ অৱধাৰিত কৰাৰ আশংকা প্ৰৱল হোৱাৰ সময়তে মার্কিন ডলাৰৰ বিপৰীতে অধিক পতন ঘটিছে ভাৰতীয় টকাৰ মূল্য।

মঙলবাৰে এক ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ মূল্য ৮৭.০৭ টকা হয়। এনেদৰে ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্যৰ নেতিবাচক পতন অব্যাহত থকাত দেশত খাদ্যবস্তুকে ধৰি বিভিন্ন সামগ্ৰীৰ মূল্য অধিক বৃদ্ধি পাব বুলি আশংকাৰ সৃষ্টি হৈছে। ইতিমধ্যে আকাশলংঘী মূল্যবৃদ্ধিত দেশৰ গৰিষ্ঠসংখ্যক লোক জুৰুলা হৈছে।

উল্লেখ্য যে যোৱা বছৰৰ প্ৰায় আৰম্ভণিৰ পৰা ডলাৰৰ বিপৰীতে টকাৰ মূল্য নিম্নগামী হ’বলৈ ধৰে। চলিত বৰ্ষতো এই ধাৰা অব্যাহত আছে। আনকি সোমবাৰে একেদিনাই ডলাৰৰ বিপৰীতে ৪৯ পইচাৰ অৱনমন ঘটে ভাৰতীয় মুদ্ৰাৰ। অৱশ্যে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে চীন, কানাডা আৰু মেক্সিকোত উৎপাদিত সামগ্রীত অধিক শুল্ক আৰোপ কৰা কাৰ্যই বিশ্বৰ আন বহু দেশৰ মুদ্ৰাৰ বজাৰ আৰু শ্বেয়াৰ বজাৰত বৃহৎ নেতিবাচক প্রভাৱ পেলাইছে। বিশেষকৈ ট্রাম্পৰ এই নীতিয়ে এছিয়া আৰু ইউৰোপৰ বিভিন্ন দেশৰ ওপৰত অশুভ প্রভাৱ পেলাইছে। ইয়াৰ ব্যতিক্রম ভাৰতো নহয়। অৱশ্যে মঙলবাৰে ভাৰতীয় শ্বেয়াৰ বজাৰৰ উত্থান ঘটে।

লক্ষ্যণীয়ভাৱে ডলাৰৰ বিপৰীতে টকাৰ মূল্য অৱনমন ৰোধৰ বাবে ভাৰতীয় ৰিজার্ভ বেংকে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও ঈপ্সিত লক্ষ্যত উপনীত হ’বলৈ সফল হোৱা নাই। অৱশ্যে ডলাৰ অধিক শক্তিশালী হোৱাৰ বাবেহে ভাৰতীয় মুদ্রাকে ধৰি বিশ্বৰ একাংশ দেশৰ মুদ্ৰাৰ মূল্য হ্রাস পোৱা বুলি ভাৰত চৰকাৰে গণ্য কৰিছে। ইয়াৰ আভাস দি কেন্দ্রীয় আৰ্থিক পৰিক্ৰমাৰ সচিব অজয় শেঠে সংবাদ মাধ্যমৰ আগত কয়, ‘বিগত কিছু মাহত ডলাৰ অধিক শক্তিশালী হৈছে। বিশ্বৰ সকলো দেশৰ মুদ্ৰাৰ বিপৰীতে ডলাৰ শক্তিশালী হৈ আছে। এই ঘটনা কেৱল দ্রুত বিকাশশীল দেশসমূহৰ মুদ্ৰাৰ ক্ষেত্ৰতে সংঘটিত হোৱা নাই, উন্নত দেশসমূহৰ ক্ষেত্ৰতো সংঘটিত হৈছে। ডলাৰ সূচকাংক ১০৯ লৈ বৃদ্ধি পাইছে।’

লক্ষ্যণীয় যে ভাৰতে কোনো কালে ৰপ্তানি বৃদ্ধিৰ বাবে মুদ্রা বিনিময় হাৰ নীতিক ব্যৱহাৰ কৰা নাই। শেহতীয়াভাৱে মার্কিন প্রশাসনে গ্ৰহণ কৰা শুল্ক বৃদ্ধিৰ নীতিয়ে সৃষ্টি কৰা অনিশ্চয়তা ভাৰতেহে মোকাবিলা কৰিব পাৰিব বুলিও আর্থিক পৰিক্ৰমা সচিব শেঠে মন্তব্য কৰে।

শ্বেয়াৰ বজাৰৰ উত্থান: বিনিয়োগকাৰীৰ মুখত হাঁহি

:মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ শুল্ক বৃদ্ধি নীতিয়ে এছিয়া-ইউৰোপৰ বিভিন্ন দেশৰ মুদ্ৰা আৰু শ্বেয়াৰ বজাৰত নেতিবাচক প্ৰভাৱ পেলালেও মঙলবাৰে ভাৰতৰ শ্বেয়াৰ বজাৰত বৃহৎ উত্থান ঘটে। বোম্বে ষ্টক এক্সচেঞ্জৰ সূচকাংক (ছেনছেক্স)ৰ ১,৩৯৭ পইণ্টৰ উত্থান ঘটে। ফলত মঙলবাৰে দিনান্তত ষ্টক এক্সচেঞ্জ বন্ধ হোৱাৰ সময়ত ছেনছেক্স ৭৮,৫৮৩.৮১ পইন্ট হয়।
একেদৰে নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জৰ সূচকাংক নিফটিৰো ৩৭৮.২০ পইণ্টৰ উত্থান ঘটে। ফলত আজি দিনান্তত নিফটি ২৩,৭০০ পইণ্টৰো অধিক হয়। স্বাভাৱিকতে শ্বেয়াৰ বজাৰৰ এই উত্থানে বিনিয়োগকাৰীসকলৰ মুখত হাঁহি বিৰিঙায়। নিফটিৰ উত্থানত মূল ভূমিকা লয় ৰাজহুৱা খণ্ডৰ বেংক, শক্তি, তেল আৰু গেছ প্রতিষ্ঠানসমূহৰ শ্বেয়াৰে। অৱশ্যে উপভোক্তা সামগ্ৰীৰ এফএমচিজি প্রতিষ্ঠানসমূহৰ শ্বেয়াৰে বিনিয়োগকাৰীসকলৰ মুখলৈ হাঁহি আনিব নোৱাৰিলে। ছেনছেক্সৰ উত্থানতো শক্তি, বেংকিং, ধাতু আদি খণ্ডৰ প্ৰতিষ্ঠানে ভূমিকা লয়।

Exit mobile version