Jamuna Controversy Row:কেজৰিৱালৰ বিৰুদ্ধে হাৰিয়ানাৰ আৰক্ষীৰ অভিযোগ!
দিল্লীত বিধানসভা নিৰ্বাচন। কিন্তু তাৰ আগতে বিপদত পৰিল দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ । তেওঁৰ বিৰুদ্ধে এইবাৰ এজাহাৰ দাখিল কৰা হৈছে হাৰিয়ানা আৰক্ষীত ।
সম্প্ৰতি কেজৰিৱালে হাৰিয়ানাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে যমুনাৰ পানীত বিষ ক্ৰিয়া কৰাৰ অভিযোগ উত্থাপন কৰিছিল। হাৰিয়ানা আৰক্ষীয়ে ভাৰতীয় ন্যায় বিধিৰ বিভিন্ন ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে।
কি কি অভিযোগ উত্থাপন হৈছে কেজৰিৱালৰ বিৰুদ্ধে ?
কে’বাটাও অভিযোগৰ সন্মুখীন হৈছে কেজৰিৱাল, যাৰ ভিতৰত আছে হিংসাৰ বাবে উচটনি দিয়া , ঘৃণা বিয়পোৱা, মিছা অভিযোগ উত্থাপন কৰা আৰু ধৰ্মীয় অনুভূতিক আঘাত কৰা।
কেৱল কেজৰিৱালেই নহয়, দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাই ও হাৰিয়াৰ বিৰুদ্ধে যমুনাক বিষ প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰে। হাৰিয়ানাৰ বিদ্ৰোহৰ বাবে দিল্লীত খোৱাপানীৰ যোগান বন্ধ হৈ থকা বুলি জানিবলৈ দিয়ে। ইয়াৰ পাছত বিজেপিয়ে কেজৰিৱালৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ কাষ চাপে।
সেই অভিযোগৰ ভিত্তিত ,ইচিয়ে আপৰ মুৰব্বীৰ পৰা উত্তৰ বিচাৰে । ইচিৰ নিৰ্দেশ অনুসৰণ কৰি, শুক্ৰবাৰে দিল্লীৰ নিৰ্বাচন সদনত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। তেওঁৰ স’তে আপৰ দুজন মুখ্যমন্ত্ৰী ,দিল্লীৰ আতিশী মাৰ্লেনা আৰু পঞ্জাৱৰ ভগৱন্ত মানো উপস্থিত থাকে।