Shoot Out At Sweden:ছুইডেনৰ শিক্ষা প্রতিষ্ঠানত বন্দুকধাৰীৰ আক্ৰমণ

1111

Shoot Out At Sweden:ছুইডেনৰ শিক্ষাপ্রতিষ্ঠানত বন্দুকধাৰীৰ আক্ৰমণ

 অন্তত ১০ জনৰ মৃত্যুৰ আশংকা , নিহত আক্ৰমণকাৰীও

এইবাৰ বন্দুকধাৰীয়ে ইউৰোপৰ দেশ ছুইডেনৰ এখন শিক্ষানুষ্ঠানত আক্ৰমণ কৰে। সংবাদ সংস্থা পিটিআইৰ বাতৰি অনুসৰি মঙলবাৰে তাত থকা বয়স্ক শিক্ষা কেন্দ্ৰত সংঘটিত আক্ৰমণত কমেও ১০ জন লোকক গুলীয়াই হত্যা কৰা হয়। আহতসকলৰ একাংশৰ অৱস্থা সংকটজনক।

তথ্য অনুসৰি ,ৰাজধানী ষ্টকহমৰ পৰা ২০০ কিলোমিটাৰ পশ্চিমে অৱস্থিত অ’ৰেব্ৰো চহৰত মঙলবাৰে আবেলি এই আক্ৰমণ সংঘটিত হয়।

এজন বন্দুকধাৰীয়ে শিক্ষা কেন্দ্ৰত প্ৰৱেশ কৰি নিৰ্বিচাৰে গুলী চালনা কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি, নিৰাপত্তাজনিত কাৰণত ওচৰৰ শিক্ষানুষ্ঠানসমূহৰ শিক্ষাৰ্থীসকলক বাহিৰলৈ যাবলৈ দিয়া হোৱা নাই।

আহতসকলক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে। যদিও আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰি ধৰিছিল, প্ৰথমে বন্দুকধাৰীজনক নিয়ন্ত্ৰণলৈ অনাটো সম্ভৱ নহ’ল যদিও পাছত আৰক্ষীৰ গুলীচালনাত তেওঁ নিহত হয়।

ছুইডেনৰ ক্ৰিষ্টাৰ্ছনে এই আক্ৰমণক লৈ উদ্বেগ প্ৰকাশ কৰি কয় ,”এইটো আমাৰ দেশৰ ইতিহাসত এক কৰুণ ঘটনা। ”

প্ৰসংগত,প্ৰাথমিক বা মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰিব নোৱাৰা বৃদ্ধ লোকসকলে এই শিক্ষা কেন্দ্ৰত অধ্যয়ন কৰে। আৰক্ষীয়ে জনাই যে শ্বুটাৰে আক্ৰমণৰ বাবে কি লক্ষ্য ৰাখিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই । আৰম্ভণিতে, এইটো এটা সন্ত্ৰাসবাদী আক্ৰমণ বুলি বিশ্বাস কৰা হয়।

Exit mobile version