US Deports Indian Migrants: আমেৰিকাৰ অবৈধ ভাৰতীয়সকলক লৈ অমৃতসৰত অৱতৰণ কৰে বিমান !
২০৫ জন অবৈধ ভাৰতীয় বাসিন্দাৰ স’তে অমৃতসৰত অৱতৰণ কৰে আমেৰিকান সেনাৰ বিমান। মঙলবাৰে টেক্সাছৰ পৰা উৰা মাৰিছিল বিমানখন ।
যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি পৰিহাৰ কৰিবলৈ পঞ্জাৱ আৰক্ষীক আগতীয়াকৈ সতৰ্ক কৰি দিয়া হৈছে। সেইমৰ্মে অমৃতসৰ বিমানবন্দৰত কঠোৰ নিৰাপত্তা বজাই ৰখা হয়।
সূত্ৰ অনুসৰি, প্ৰথম পৰ্যায়ত এই ২০৫ জন লোকক ভাৰতলৈ প্ৰেৰণ কৰা হৈছে । ইয়াৰ পাছত, আমেৰিকাৰ পৰা অধিক অবৈধবাসী ভাৰতীয়ক ক্ৰমানয়ে প্ৰেৰণ কৰা হ’ব।
এটা সৰ্বভাৰতীয় সংবাদ মাধ্যমে এক সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি বিমানখনত থকা সকলোৰে পৰিচয় পৰীক্ষা কৰা হৈছে। ইয়াৰ পৰা নতুন দিল্লীৰ সক্ৰিয়তাও স্পষ্ট হৈ পৰিছে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বিমানখন বুধবাৰে দুপৰীয়া প্ৰায় ১.৫৯ বজাত অমৃতসৰৰ শ্ৰী গুৰু ৰাম দাসজী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে। বিমানবন্দৰত আৰক্ষী আৰু প্ৰশাসনিক বিষয়াসকল উপস্থিত থাকে।
নতুন দিল্লীৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসৰ এজন প্ৰতিনিধিও বিমানবন্দৰত উপস্থিত থাকে।
এটা সূত্ৰই জনোৱা অনুসৰি, এই অবৈধ ভাৰতীয়সকলৰ বেছিভাগেই মেক্সিকো-আমেৰিকা যুক্তৰাষ্ট্ৰৰ সীমান্তত ধৰা পৰে । অৱশ্যে, তেওঁলোক ভাৰতলৈ উভতি অহাৰ পাছত তেওঁলোকক গ্ৰেপ্তাৰ কৰা নহ’ব। কাৰণ তেওঁলোকৰ ওপৰত এই দেশৰ আইন উলংঘা কৰাৰ অভিযোগ নাই।
এটা সূত্ৰই জনাই যে এই অবৈধ অনুপ্ৰৱেশকাৰীসকলে আইনী পথৰ মাজেৰে ভাৰত ত্যাগ কৰিছিল। পাছত তেওঁ অবৈধভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি ধৰা পৰে।
গতিকে তেওঁলোকক এই দেশত গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা নাই। পঞ্জাৱৰ আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) গৌৰৱ যাদৱে মঙলবাৰে জনাই যে ৰাজ্য চৰকাৰে বিমানবন্দৰত অবৈধ অনুপ্ৰৱেশকাৰীসকলক গ্ৰহণ কৰিব।
তেওঁলোকক সহায় কৰিবলৈ এখন কাউণ্টাৰও খোলা হ’ব। পঞ্জাৱৰ প্ৰৱাসী ভাৰতীয় পৰিক্ৰমা মন্ত্ৰী কুলদীপ সিং ধালিৱালে এই অবৈধ ভাৰতীয়সকলক ঘূৰাই অনাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰে ।